গোলাঘাট, ১১ জুলাই (হি.স.)। খুমটাইত এফালে ধনশিৰি নদীৰ বানত জলমগ্ন বিস্তৰ কৃষি ভূমি আন এফালে খৰাঙ সদৃশ পৰিস্থিতি। যাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় কৃষক ৰাইজে। গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ লগতে খুমটাই ৰাজহ চক্ৰ অন্তৰ্গত খুমটাই লগতে আন কেইবা খনো গাঁৱত আজি কেইবাদিন ধৰি ধনশিৰি নদীৰ বাঢ়নি পানীৰ কবলত পৰি জলমগ্ন হৈ আছে বিস্তৰ কৃষি ভূমি।
নদী খনৰ বানৰ কবলত খুমটাই গাঁও খনৰ এফালে বিস্তৰ কৃষি ভূমি জলমগ্ন হৈ আছে যদিও গাঁও খনৰে আন এফালে খৰাঙ সদৃশ পৰিবেশ হৈ থকাত কৃষক সকলে শালিধানৰ খেতি কৰিবলৈ সমস্যাত পৰিব লগা হৈছে। গাঁও খনৰ বৰষুণৰ মাত্ৰা কম হোৱাৰ বাবে কৃষক সকলে কৃষি কৰ্ম কৰিব পৰা নাই।
প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল কৃষক ৰাইজে এতিয়াও বৰষুণৰ বাবে আশাৰে বাট চাই থাকিব লগা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু