ধেমাজি, ১১ জুলাই (হি.স.)। ধেমাজিত কৃষি বিভাগৰ অভিযান্ত্ৰিক শাখাৰ কাৰ্যালয়ৰ সন্মুখত কৃষকৰ উত্তাল প্ৰতিবাদ। শ শ কৃষকে নিজৰ নায্য দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
ভাৰতীয় কিষান সংঘৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। দুই শতাধিক কৃষকে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে কাৰ্যালয়ৰ চৌহদ। প্ৰতিবাদকাৰী কৃষকসকলে সাংবাদিকক জনায় যে হিতাধিকাৰীক নিৰ্বাচনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম হৈছে আৰু সেয়ে উপায়হীন হৈ আজি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ তেওঁলোকে এনেদৰে ওলাই আহিছে। তেওঁলোকৰ নাৰ্য্য প্ৰাপ্তি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ দাবী মানি লবলৈ চৰকাৰৰ ওচৰত প্ৰতিবাদকাৰীসকলে দাবী জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী