Assam, 11
ডিমৌৰ ২ নং ভাগ্যপুৰ, ভীমপোৱা, নবিলত গঁড়ৰ মুক্ত বিচৰণ। গড়ৰ আক্ৰমণত আহত এগৰাকী মহিলা। মহটিয়াই ভাঙি চুৰমাৰ কৰিলে বাইক। আতংকিত গঞা।।
বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ গড়টোৰ। আতংকিত গঞা ৰাইজ।
প্ৰায় পাঁচ মাহ ধৰি মহাৰাণী বনাঞ্চলত বিচৰণ কৰি আছিল গড়টো। নিৰ্বিকাৰ বন বিভাগ।।
শিৱসাগৰ, ১১ জুলাই (হি.স.)। শিৱসাগৰ ডিমৌৰ ২ নং ভাগ্যপুৰ গাঁৱত আজি পূৱাই ৰাইজৰ মাজত হুৱাদুৱা লাগে। গাওঁ খনৰ দীন হাজৰিকা নামৰ লোকজনৰ বাৰী দেখা যায় এটা প্ৰকাণ্ড গঁড়। এই খবৰ বিয়পি পৰা লগে গাওঁ খনত ভিৰ কৰে শতাধিক লোকে।
ইফালে গঞাৰ চিঞৰ বাখৰত গঁড়টো বাৰী এৰি দৌৰি গাঁৱৰ মাজৰে পথাৰ পায়গৈ। এনেতে বাটত ফুলটিমাই বেগম নামৰ মহিলা গৰাকীক আক্ৰমণ কৰে আৰু মহিলা গৰাকী পথতে পৰি যায়। বাকী সকলে পলাই সাৰে। বহুতে পথাৰৰ হাল এৰি ঘৰলৈ দৌৰে। ফুলটিমাই বেগমে হাতত কিছু আঘাট পাই। ইফালে গঁড় চাবলৈ যোৱা তৰুণ চাংমাই নামৰ যুৱক জনৰ বাইকখন খুন্দিয়াই ভাঙি পেলায়।
স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি যোৱা এমাহতকৈ অধিক দিন গঁড়টো পানীদিহিং পক্ষী অভয়াৰণ্যৰ দাঁতিৰ ডাঠ হাবিত আছিল আৰু শেহতীয়াকৈ ওলাই আহি গঞাৰ পথাৰৰ কঁঠিয়া আদি খাই তহিলং কৰিছে।
শিৱসাগৰ জিলাৰ ডিমৌ বন বিভাগৰ দলে আজি ৰাইজৰ খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ গঁড়টো জনাঞ্চলৰ পৰা আঁতৰাই পঠাবলৈ চেষ্টা কৰে। বৰ্তমান মহাৰণী সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী নবিল অঞ্চলটোত অৱস্থান কৰি থকা গঁড়টো বন বিভাগে পহৰা দি থকাৰ লগতে অঞ্চলবাসী ৰাইজক সজাগ কৰি আছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা