গুৱাহাটী, ১১ জুলাই( হি.স.)। এন এফ ৰেলৱেৰ লামডিং সংমণ্ডলৰ মুপা - দিহাখো ষ্টেচনৰ মাজৰ কে.এম.- ৫১/১-২ত ৰে'ল পথৰ ওপৰেৰে পাৰ্শ্ববৰ্তী পাহাৰৰ পৰা প্ৰকাণ্ড ভুখণ্ড, বোকা, বোল্ডাৰ আদি পৰি লামডিং - বদৰপুৰ পাহাৰীয়া অংশত ৰে'ল চলাচলত বাধাৰ সৃষ্টি হৈছে।
পুনৰ ৰে'ল চলাচল সুচল কৰিবলৈ ৰে'ল পথৰ ওপৰৰ পৰা বোকা মাটি আঁতৰাবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম অব্যাহত আছে। উক্ত খণ্ডত ৰে'লৰ চলাচল নিয়ন্ত্ৰণ কৰা হৈছে আৰু তলত দিয়া সবিশেষ অনুসৰি আজি আৰু কাইলৈৰ বাবে নিৰ্ধাৰিত সূচী অনুসৰি ৰে'ল সমূহ পুনৰ নিৰ্ধাৰণ কৰি বাতিল কৰা হৈছে।
ৰে'লৰ পুনৰ সময় নিৰ্ধাৰণ-
১১ জুলাই, ২০২৫ৰ ৰে'ল নং ১৫৬১২, (শিলচৰ - ৰঙিয়া) এক্সপ্ৰেছৰ মূল সময়সূচীৰ পৰিৱৰ্তে ১২ জুলাই, ২০২৫ তাৰিখৰ ৬.০০ বজাৰ পৰা আৰম্ভ কৰিবলৈ পুনৰ নিৰ্ধাৰণ কৰা হৈছে।
১১ জুলাই, ২০২৫ৰ ৰে'ল নং ১৫৬১৫ (গুৱাহাটী - শিলচৰ) এক্সপ্ৰেছৰ মূল সময়সূচীৰ পৰিৱৰ্তে ১২ জুলাই, ২০২৫ তাৰিখৰ ৬.০০ বজাৰ পৰা আৰম্ভ কৰিবলৈ পুনৰ নিৰ্ধাৰণ কৰা হৈছে।
ৰে'ল নং ০৭০২৯ (আগৰতলা - চাৰ্লাপল্লী) ১১ জুলাই, ২০২৫ৰ এক্সপ্ৰেছৰ মূল সময়সূচীৰ পৰিৱৰ্তে ১২ জুলাই, ২০২৫ তাৰিখৰ ০৫.০০ বজাৰ পৰা আৰম্ভ কৰিবলৈ পুনৰ নিৰ্ধাৰণ কৰা হৈছে।
ৰে'ল নং ১৫৮৮৮/১৫৮৮৭ (গুৱাহাটী – বদৰপুৰ - গুৱাহাটী) ১২ জুলাই, ২০২৫ চনৰ টুৰিষ্ট এক্সপ্ৰেছ খন বাতিল কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ