গুৱাহাটী, ০৯ জুন (হি.স.)। গুৱাহাটীৰ পানবজাৰ আৰক্ষীয়ে হেৰ’ইন সৰবৰাহৰ লগত জড়িত দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, চোৰাংচোৱা তথ্যৰ ভিত্তিত ৩ নম্বৰ থানা এলেকাৰ ৰেলৱে গেট এলেকাত অভিযান চলোৱা হয়।
অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। ধৃত চোৰাং সৰবৰাহকাৰী দুজন হৈছে সুৰজ মাঝি (২৪, ডিব্ৰুগড়) আৰু বিক্ৰম সাহনী (২৮, পানবজাৰ)।
লগতে আৰক্ষীয়ে সুৰজ মাঝিৰ হাতত ২৭.৬৭ গ্ৰাম ওজনৰ মুঠ ২১টা হেৰ’ইন ভৰ্তি প্লাষ্টিকৰ শিশি উদ্ধাৰ কৰে। এই সন্দৰ্ভত এনডিপিএছ আইনৰ অধীনত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া