মানকাচৰত ড্ৰাগছৰ সৈতে আটক এজন যোগানকাৰী
মানকাচৰত গ্ৰেপ্তাৰ মাৰাত্মক নায়িকাৰ সৈতে এজন যুৱক।
মানকাচৰত ড্ৰাগছৰ সৈতে আটক এজন যোগানকাৰী


দক্ষিণ শালমাৰা মানকাচৰ, ০৭ ডিচেম্বৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰত গ্ৰেপ্তাৰ হৈছে বৰবিহ ড্ৰাগছৰ সৈতে এজন যুৱক। মানকাছৰ আৰক্ষী বিষয়া জে এছ খুবুঙৰ নেতৃত্বত যোৱা কালি শনিবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়।

আৰক্ষীৰ অভিযানত ড্ৰাগছৰ সৈতে আটক হয় এজন যোগানকাৰী। ধৃত যুৱকজন মানকাচাৰ থানাৰ অধীনৰ কদমতলি গাঁৱৰ ৰহিদুল ইছলামৰ পুত্ৰ ৰবিউল ইছলাম (২২) বুলি পৰিচয় পোৱা গৈছে। আৰক্ষীয়ে যুৱকজনক অধিক তথ্য়ৰ বাবে সোধাপোছা অব্য়াহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande