
ধুবুৰী, ০৬ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱাকালি শুকুৰবাৰে নিশা পিষ্টল সহ আটক হয় এজন যুৱক। গৌৰীপুৰ ১০নং ৱাৰ্ডত পিষ্টলসহ আটক কৰা হয় ৰফিকুল ইছলাম নামৰ যুৱকজনক। আটক হোৱা ৰফিকুল ইছলাম ঘৰ খুদীমাৰীত বুলি জানিব পৰা হৈছে।
উল্লেখ্য় যে ৰফিকুল ইছলামে দীৰ্ঘদিনৰ পৰা বিভিন্নজনক দি আহিছিল দাবী ধমকি। গৌৰীপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই পিষ্টলসহ আটক কৰে যুৱক জনক । অধিক তথ্যৰ বাবে গৌৰীপুৰ আৰক্ষীয়ে যুৱকজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ