
লখিমপুৰ, ০৬ ডিচেম্বৰ (হি.স.): লখিমপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। জিলা খনৰ বঙালমৰাৰ কাড়ী পুখুৰীত যোৱা কালি শুকুৰবাৰে বিয়লি আৰক্ষীয়ে অভিযান চলাই ২৬ গ্ৰাম ড্ৰাগছসহ কৰায়ত্ত কৰে তিনিটা ড্ৰাগছ পেডলাৰক।
ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা বঙালমৰাৰ ২ নং আহমেদপুৰৰ ৱাচিম আক্ৰাম, ফতেহপুৰৰ নজৰুল ইছলাম আৰু ১ নং আহমেদপুৰৰ আছিকুল ইছলাম নামৰ লোক কেইজন আৰক্ষীৰ জালত পৰে। ড্ৰাগছ পেডলাৰ কেইটাৰ পৰা এএছ ০৭ এএ ৬৩৮৬ নম্বৰৰ এখন এপাচি বাইক সহ তিনিটা ম'বাইল জব্দ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ