ধুবুৰীত অবৈধ মাটি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰেক্টৰ জব্দ
ধুবুৰীত অব্যাহত জিলা পৰিবহন বিভাগৰ অভিযান।
ধুবুৰীত অবৈধ মাটি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰেক্টৰ জব্দ


ধুবুৰী, ০৭ ডিচেম্বৰ (হি.স.): ধুবুৰীত অব্যাহত আছে জিলা পৰিবহন বিভাগৰ অভিযান। যোৱা কালি শনিবাৰে সন্ধিয়া এই অভিযানত জব্দ কৰা হয় দুটাকৈ অবৈধ মাটি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰেক্টৰ।

ধুবুৰী আৰু গৌৰপুৰত নথি বিহীন ভাবে দ্ৰুত গতিত চলে এই বাহন সমূহ। পশ্চিমবঙ্গৰ ডাম্পাৰেৰে কঢ়িওৱা হয় ৰঙা মাটি। অবৈধ ভাবে চলোৱা ডাম্পাৰ আৰু ট্ৰেক্টৰ দৌৰাত্ম্য অব্য়াহত আছে। এনে ধৰণৰ অবৈধ কাম কাজ বন্ধ কৰিবলৈ জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে সচেতন মহলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande