মে’ মাহত দেশৰ ঔদ্যোগিক উৎপাদন ৯ মাহৰ নিম্নতম ১.২ শতাংশলৈ হ্ৰাস
নতুন দিল্লী, ৩০ জুন (হি.স.)। উৎপাদন, খনন আৰু শক্তি খণ্ডৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে দেশত ঔদ্যোগিক উৎপাদনৰ বৃদ্ধিৰ গতি মে’ মাহত ৯ মাহৰ নিম্নতম স্তৰ ১.২ শতাংশলৈ হ্ৰাস পাইছে। ২০২৪ চনৰ মে’ মাহত এই হাৰ ৬.৩ শতাংশ হাৰত বৃদ্ধি পাইছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূ
ছেপ্টেম্বৰ মাহত দেশৰ উদ্যোগিক উৎপাদন ৩.১ শতাংশ বৃদ্ধি


নতুন দিল্লী, ৩০ জুন (হি.স.)। উৎপাদন, খনন আৰু শক্তি খণ্ডৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে দেশত ঔদ্যোগিক উৎপাদনৰ বৃদ্ধিৰ গতি মে’ মাহত ৯ মাহৰ নিম্নতম স্তৰ ১.২ শতাংশলৈ হ্ৰাস পাইছে। ২০২৪ চনৰ মে’ মাহত এই হাৰ ৬.৩ শতাংশ হাৰত বৃদ্ধি পাইছিল।

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়েও সোমবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি এপ্ৰিল মাহৰ ঔদ্যোগিক উৎপাদনৰ বৃদ্ধিৰ হাৰ ২.৬ শতাংশলৈ সংশোধন কৰিছে, আনহাতে যোৱা মাহত ২.৭ শতাংশ হ’ব বুলি অনুমান কৰা হৈছিল। এন এছ অ’ৰ তথ্য অনুসৰি চলিত বৰ্ষৰ মে’ মাহত উৎপাদন খণ্ডত উৎপাদন বৃদ্ধি ২.৬ শতাংশলৈ হ্ৰাস পাইছে, যিটো যোৱা বছৰৰ একে মাহত ৫.১ শতাংশ আছিল।

তথ্য অনুসৰি এই সময়ছোৱাত খনন খণ্ডৰ উৎপাদন ০.১ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে যোৱা বছৰৰ একে সময়ছোৱাত ইয়াৰ বৃদ্ধি ৬.৬ শতাংশ হৈছিল। বিদ্যুৎ খণ্ডৰ উৎপাদন ৫.৮ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে এবছৰৰ পূৰ্বৰ একে সময়ছোৱাত ইয়াৰ বৃদ্ধি ১৩.৭ শতাংশ হৈছিল। তথ্য অনুসৰি চলিত বৰ্ষ ২০২৫-২৬ৰ এপ্ৰিল-মে’ৰ সময়ছোৱাত বছৰি ১.৮ শতাংশ ঔদ্যোগিক উৎপাদন বৃদ্ধি পাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande