৫ বছৰত মুঠ জি এছ টি সংগ্ৰহ দুগুণ হৈ ২২.০৮ লাখ কোটি টকাৰ অভিলেখ স্তৰত
নতুন দিল্লী, ৩০ জুন (হি.স.)। দেশৰ সৰ্ববৃহৎ কৰ সংস্কাৰ ব্যৱস্থা হিচাপে বিবেচিত সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) আঠ বছৰ সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। ২০১৭ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা জি এছ টিয়ে দেশৰ কৰ ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। বিগত বিত্ত
৫ বছৰত মুঠ জি এছ টি সংগ্ৰহ দুগুণ হৈ ২২.০৮ লাখ কোটি টকাৰ অভিলেখ স্তৰত


নতুন দিল্লী, ৩০ জুন (হি.স.)। দেশৰ সৰ্ববৃহৎ কৰ সংস্কাৰ ব্যৱস্থা হিচাপে বিবেচিত সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) আঠ বছৰ সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। ২০১৭ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা জি এছ টিয়ে দেশৰ কৰ ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। বিগত বিত্তীয় বৰ্ষৰ তুলনাত ৯.৪ শতাংশ বৃদ্ধিৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত ২২.০৮ লাখ কোটি টকাৰে অভিলেখ সৃষ্টি কৰিছে

সোমবাৰে চৰকাৰে প্ৰকাশ কৰা চৰকাৰী তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত ১১.৩৭ লাখ কোটি টকা। বিগত আঠ বছৰত জি এছ টিৰ অধীনত পঞ্জীয়নভুক্ত কৰদাতাৰ সংখ্যা ২০১৭ চনত ৬৫ লাখৰ পৰা ১.৫১ কোটিৰো অধিক হৈছে। তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত জি এছ টি সংগ্ৰহ ২০.১৮ লাখ কোটি আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ১৮.০৮ লাখ কোটি টকা। ২০২১-২২ বিত্তীয় বৰ্ষত মুঠ মুঠ জি এছ টি সংগ্ৰহ ১১.৩৭ লাখ কোটি টকা হোৱাৰ বিপৰীতে মাহিলী জি এছ টি সংগ্ৰহৰ গড় ৯৫ হাজাৰ কোটি টকা। একেদৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত গড় মাহিলী জি এছ টি সংগ্ৰহ ১.৮৪ লাখ কোটি টকা, যিটো ২০২৩-২৪ বিত্তীয় বৰ্ষত ১.৬৮ লাখ কোটি আৰু ২০২১-২২ বিত্তীয় বৰ্ষত ১.৫১ লাখ কোটি টকা।

জি এছ টিৰ বৰ্তমানৰ গাঁথনিত চাৰিটা মূল স্লেব

বৰ্তমান জি এছ টিৰ গাঁথনিত ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ চাৰিটা মূল স্লেব আছে। এই হাৰ সমগ্ৰ দেশৰ বেছিভাগ সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য। অৱশ্যে মূল স্লেবৰ উপৰিও তিনিটা বিশেষ হাৰও নিৰ্ধাৰণ কৰা হৈছে। জিএছটিৰ হাৰ সোণ, ৰূপ, হীৰা আৰু গহনাত ৩%, কাটি পলিচ কৰা হীৰাত ১.৫% আৰু ৰুক্ষ হীৰাত ০.২৫%।

জি এছ টিয়ে প্ৰায় ১৭টা স্থানীয় কৰ আৰু ১৩টা চেছক পাঁচটা স্তৰৰ গাঁথনিত একত্ৰিত কৰি কৰ ব্যৱস্থাটো সৰল কৰি তুলিছে। ২০২৫ চনৰ এপ্ৰিল মাহত মাহিলী জি এছ টি সংগ্ৰহৰ অভিলেখ ২.৩৭ লাখ কোটি টকা। ২০২৫ চনৰ মে’ মাহত ই আছিল ২.০১ লাখ কোটি টকা। জুনৰ পৰিসংখ্যা মঙলবাৰে প্ৰকাশ কৰা হ’ব, (১ জুলাই, ২০২৫)।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande