ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি সন্দৰ্ভত একমতত উপনীত, ট্ৰাম্পৰ সময়সীমাৰ পূৰ্বে ঘোষণা
নতুন দিল্লী, ৩০ জুন (হি.স.)। ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি সন্দৰ্ভত একমতত উপনীত হৈছে। অতি সোনকালে আনুষ্ঠানিকভাৱে ঘোষণা হ’ব পাৰে। ভাৰতৰ বাণিজ্যিক প্ৰতিনিধি দলে সময়সীমাৰ পূৰ্বে মতানৈক্য সমাধানৰ শেষ প্ৰচেষ্টাত ৱাশ্বিংটনত থকা সময়সীমা বৃদ্ধি ক
ভাৰত-আমেৰিকা প্ৰতীকাত্মক


নতুন দিল্লী, ৩০ জুন (হি.স.)। ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি সন্দৰ্ভত একমতত উপনীত হৈছে। অতি সোনকালে আনুষ্ঠানিকভাৱে ঘোষণা হ’ব পাৰে। ভাৰতৰ বাণিজ্যিক প্ৰতিনিধি দলে সময়সীমাৰ পূৰ্বে মতানৈক্য সমাধানৰ শেষ প্ৰচেষ্টাত ৱাশ্বিংটনত থকা সময়সীমা বৃদ্ধি কৰিছে। ভাৰতৰ মুখ্য আলোচনাপন্থী তথা বাণিজ্য বিভাগৰ বিশেষ সচিব ৰাজেশ আগৰৱালাৰ নেতৃত্বত এটা দল এই চুক্তিৰ বাবে ৱাশ্বিংটনত আছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জাৰি কৰা বিশ্বব্যাপী শুল্ক ৯০ দিনীয়া নিষেধাজ্ঞা অহা ৯ জুলাইত শেষ হ’ব। ইয়াৰ ফলত বিশ্বৰ দেশসমূহৰ উদ্বেগ বৃদ্ধি পাইছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে ১০ জুনত আলোচনা সমাপ্ত হোৱাৰ সময়ত কৈছিল যে ভাৰত আৰু আমেৰিকাই এক ন্যায্য আৰু সমতাপূৰ্ণ বাণিজ্যিক চুক্তিৰ আলোচনাত মিলিত হৈছে, যাৰ ফলত দুয়োখন অৰ্থনীতিৰ লাভ হ’ব। দৰাচলতে ভাৰতে বিচাৰে যে প্ৰস্তাৱিত ২৬ শতাংশ শুল্ক প্ৰত্যাহাৰ কৰা হওক আৰু ইতিমধ্যে ষ্টীল আৰু অটো পাৰ্টছৰ ওপৰত আৰোপ কৰা আমেৰিকাৰ শুল্ক ৰেহাই দিয়া উচিত। কিন্তু আমেৰিকাই প্ৰথমে ভাৰতৰ পৰা সৰিয়হ, কুঁহিয়াৰ, গাড়ী আৰু মদৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাৰ লগতে শুল্কবিহীন বাধাসমূহ লাঘৱ কৰাৰ প্ৰতিশ্ৰুতি বিচাৰে।

যোৱা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ ৯ জুলাইৰ পাছতো ৯০ দিনৰ বাবে অতিৰিক্ত বিশ্বব্যাপী শুল্ক নিষেধাজ্ঞা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা নাই।ইয়াৰ পূৰ্বে আমেৰিকাই ২ এপ্ৰিলত ভাৰতৰ পৰা অহা সামগ্ৰীৰ ওপৰত ২৬ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল যদিও ট্ৰাম্প প্ৰশাসনে ৯০ দিনৰ বাবে পিছুৱাই দিছিল। অৱশ্যে ১০ শতাংশ মৌলিক কৰ এতিয়াও প্ৰযোজ্য। ভাৰতে এই ২৬ শতাংশ অতিৰিক্ত কৰৰ পৰা সম্পূৰ্ণ ৰেহাই পাব বিচাৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande