কোকৰাঝাৰ, ০৩ জুন (হি.স.)। বিগত ২০২৪ চনৰ জানুৱাৰী মাহত ফকিৰাগ্ৰাম আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা ০৩/২০২৪ গোচৰৰ ভিত্তিত যোৱা নিশা ফকিৰাগ্ৰাম আৰক্ষীয়ে নাজিৰুল হক (২৬) নামৰ যুৱক এজনক গ্ৰেপ্তাৰ কৰে৷ আজি নাজিৰুলক হাজিৰ কৰা হয় আদালতত।
কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানা এলেকাৰ প্ৰতাপখাতা গাঁৱৰ নৰুদদিন হকৰ পুত্ৰ নাজিৰুল হক নামৰ যুৱকজনৰ বিৰুদ্ধে প’কচ আইনৰ অধীনত এখন গোচৰ ৰুজু হৈ আছিল৷যুৱক জনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৪৫৭/৩৭৬ ধাৰা ৪ ৰ অধীনত পঞ্জীয়ন হৈ আছিল যদিও ইমান দিনে যুৱকজনে আৰক্ষীৰ চকুত ধুলি দি পলাই ফুৰিছিল৷কিন্তু কালি নিশা ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুছিং বেয়েৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কোকৰাঝাৰ ৰেলৱে ষ্টেচনৰ পৰা আটক কৰি আজি কোকৰাঝাৰ জিলা আদালতত হাজিৰ কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ