কাছাৰ, ০৫ জুন (হি.স.): অসম-মেঘালয় সীমান্তৰ কলাইনচৰা টোলগেট আৰক্ষীৰ চেক গেটৰ ওচৰত ড্ৰাগছ'ৰ লগতে সৰবৰাহকাৰী এটাক বৃহস্পতিবাৰে পুৱা ৰাইজে কৰায়ত্ত কৰে। পিছত ড্ৰাগছ সৰবৰাহকাৰীটোক আৰক্ষীৰ হাতত গতাই দিয়ে ।
ধৃত জনৰ নাম লিটন দাস আৰু শিৱনগৰৰ বাসিন্দা বুলি পৰিচয় পোৱা গৈছে । বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰীটো আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ