বৰপেটা, ০৫ জুন (হি.স.): বৰপেটা ৰোডৰ ৰেলৱে ষ্টেচনৰ কাষেৰ পৰা স্থানীয় ৰাইজে ৰাজকুমাৰ নামৰ এজন চোৰক চুৰিকাণ্ড সংঘটিত কৰি থকাৰ সময়তে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।
জানিব পৰা মতে উক্ত চোৰটোৱে বৰপেটা ৰোডৰ ৰেলৱে ষ্টেচন তথা ৰামকৃষ্ণ সেৱাশ্ৰমৰ কাষতে থকা দ্বীপজ্যোতি দাস নামৰ এজন যুৱকৰ নিৰ্মীয়মান বাসগৃহৰ পৰা কেইবাটাও গ্ৰীল চুৰ কৰি লৈ যোৱাৰ সময়তে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি যুৱকজনক আটক কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ ধৃত চোৰ ৰাজকুমাৰক আৰক্ষী থানালৈ লৈ আহে। উক্ত চুৰিকাণ্ড সংঘটিত কৰা চোৰটোৰ নাম ৰাজকুমাৰ চেত্ৰী আৰু ঘৰ বৰপেটা ৰোডৰ কলহভাঙ্গাত বুলি জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ