কাৰ্বি আংলং, ০৪ জুন (হি.স.): অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ সীমামূৰীয়া অঞ্চলত বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে মঙলবাৰে বিয়লি বোকাজান মহকুমাৰ শুকান জানত আৰক্ষীৰ অভিযানত প্ৰায় ৯০ লাখ টকা মূল্যৰ কানি উদ্ধাৰ কৰবলৈ সক্ষম হয় ৷ আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ নেতৃত্বত আৰু উপ পৰিদৰ্শক বিপ্লৱ দাস লগতে থানা ষ্টাফৰ সহযোগত শুকানজানত চলোৱা তালাচীত উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমানৰ কানিখিনি৷
কোহিমাৰ পৰা নগাওঁ অভিমুখে আহি থকা এএছ ০১ ডিবি ৫৭৩৯ নম্বৰৰ ক্ৰেটা বাহনত তালাচী চলাওতে বাহনখনৰ পিছফালৰ চকাৰ ৰাণিং বোৰ্ডৰ কাষত ক'লা কাপোৰেৰে কৌশলগত ভাবে লুকুৱাই ২০ টা পেকেটত ১৮ কেজি ৩২ গ্ৰাম কানি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ক্ৰেটা চালক নগাওঁ জিলাৰ মজিবুৰ ৰহমানক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ