গোলাঘাটৰ জামুগুৰিৰ লক্ষীবাৰীত হানিখুচি এজনক হত্যা
গোলাঘাটৰ জামুগুৰিৰ লক্ষীবাৰীত হানিখুচি এজনক হত্যা।
গোলাঘাটৰ জামুগুৰিৰ লক্ষীবাৰীত হানিখুচি এজনক হত্যা


গোলাঘাট, ০৪ জুন (হি.স.): গোলাঘাটৰ জামুগুৰিৰ লক্ষীবাৰীত হানিখুচি এজন লোকক হত্যা কৰা হয়। ৰতন দাস নামৰ এজন যুৱকে দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰে লক্ষীপুৰৰ মাধৱ দাস নামৰ লোকজনক। যোৱা নিশা সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

উপৰ্যপৰি দাৰ ঘাপত গুৰুতৰভাৱে আহত মাধৱ দাসক ততাতৈয়াকৈ গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। সম্প্ৰতি হত্যাকাৰী ৰতন দাসক আটক কৰিছে জামুগুৰি আৰক্ষীয়ে। ইয়াৰ পূৰ্বতেও সামান্য কথাতে দুবাৰকৈ দুয়োৰে মাজত কাজিয়া হৈছিল। জানিব পৰা মতে ৰতন দাস এজন মানসিক ৰোগী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande