তামাৰহাটৰ ৰামনাথপাৰা মাৰপিটৰ ঘটনা
ধুবুৰী, ০২ জুন (হি.স.)। তামাৰহাটৰ ৰামনাথপাৰা মাৰপিটৰ ঘটনা । আত্মীয়ৰ প্ৰহাৰত গুৰুতৰ ভাবে আহত মইদুল ইছলাম প্ৰধানী নামৰ এজন ছাত্ৰ । স্থানীয় লোকে মইদুলক উদ্ধাৰ কৰি তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহ
তামাৰহাটৰ ৰামনাথপাৰা মাৰপিটৰ ঘটনা


ধুবুৰী, ০২ জুন (হি.স.)। তামাৰহাটৰ ৰামনাথপাৰা মাৰপিটৰ ঘটনা । আত্মীয়ৰ প্ৰহাৰত গুৰুতৰ ভাবে আহত মইদুল ইছলাম প্ৰধানী নামৰ এজন ছাত্ৰ । স্থানীয় লোকে মইদুলক উদ্ধাৰ কৰি তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে মইদুলক ।

পৈত্রিক সম্পত্তি লৈ আত্মীয়ৰ মাজত সৃষ্টি হয় কাজিয়াৰ । মইদুল পিতৃয়ে সম্পত্তিৰ ভাগ বিচৰাৰ বাবে দলবদ্ধ আক্ৰমণ কৰে মইদুলক । এক্ৰামুল হক প্ৰধানী, মহিবুল হক প্ৰধানী, ফজলুল ৰহমান প্ৰধানী আৰু মোকছেদুল হক প্ৰধানীয়ে চলায় আক্ৰমণত । দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মইদুল । ঘটনা সন্দৰ্ভত তামাৰহাট থানাত এজাহাৰ দাখিল । ভূক্তভোগীৰ খেতিৰ মাটি আক্ৰমণকাৰীয়ে দীৰ্ঘদিন ধৰি বলপূৰ্বক ভাৱে দখল কৰাৰ অভিযোগ । সংকট জনক অৱস্থাত চিকিৎসাধীন মইদুল ইছলাম হাতীধুৰা মহাবিদ্যালয়ৰ স্নাতকত অধ্যয়নৰত এজন ছাত্ৰ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande