অইল ইণ্ডিয়া লিমিটেডৰ সজাগতা সভা, জুই নুমোৱাত সাহসিকতাৰ পৰিচয় দিয়া সকলক সম্বৰ্ধনা
অইল ইণ্ডিয়া লিমিটেডৰ সজাগতা সভা, জুই নুমোৱাত সাহসিকতাৰ পৰিচয় দিয়া সকলক সম্বৰ্ধনা ।
অইল ইণ্ডিয়া লিমিটেডৰ সজাগতা সভা, জুই নুমোৱাত সাহসিকতাৰ পৰিচয় দিয়া সকলক সম্বৰ্ধনা


কোকৰাঝাৰ, ০৩ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা সদৰ চহৰ সংলগ্ন বাবুবিলত তেল পৰিবাহী পাইপলাইত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডৰ সময়ত সাহসিকতাৰ পৰিচয় দিয়া বিভিন্ন লোকক আজি ভাৰতীয় তেল নিগমে সজাগতা সভাৰ জৰিয়তে সম্বৰ্ধনা জনায়৷ যোৱা ১ জুন তাৰিখে ৰাতিপুৱা তেলৰ পাইপ ফুটি সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ সময়ত সাহসিকতাৰ পৰিচয় দিয়া স্থানীয় বাবুবিল গাঁৱৰ গাঁওবুঢ়া আনোৱাৰ আলীৰ উপৰি অধিক তৎপৰতাৰে জুই নুমোৱা অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া আৰু কনিষ্টবল সকলক সম্বৰ্ধনা জনায়৷

আজি বাবুবিলত আয়োজন কৰা সজাগতা সভাত ভাৰতীয় তেল নিগমৰ কাৰ্যবাহী সঞ্চালক জ্যোতি প্ৰকাশ দাস, নীলিম বৰগোহাঁইয়ে প্ৰকাশ কৰা মতে মাটিৰ তলেদি বহুওৱা তিনিটাকৈ অধিক উচ্চ ক্ষমতা সম্পন্ন পাইপৰ যোগেদি খাৰুৱা তেল, পেট্ৰল, ডিজেল আৰু কেৰাচিন তেল দুলিয়াজানৰ পৰা নুমলীগড়, গুৱাহাটী আৰু শিলিগুৰীলৈকে সৰবৰাহ কৰা হয়৷

ইয়াৰ পূৰ্বে বাৰাউনীলৈ তেল পঠিওৱা হৈছিল৷ কিন্তু দুস্কৃতিকাৰীয়ে তেল পৰিবাহী পাইপ ফুটা কৰি তেল চুৰি কৰা ঘটনাত উদ্ভেগ প্ৰকাশ কৰি এই অগ্নিকাণ্ডৰ ঘটনা কিমান ভয়াৱহ আৰু কিমান ক্ষতিৰ কাৰক হ’ব পাৰে সেয়া কল্পনাৰ বাহিৰত বুলি উল্লেখ কৰে৷ বিষয়া গৰাকীয়ে কয়, মাত্ৰ এটা দিন তেলৰ সৰবৰাহ বন্ধ হলে দেশত কিমান হাজাৰ কোটি টকা লোকচান হ’ব, সেই পৰিসংখ্যা অনুমান কৰা কঠিন বুলিও মন্তব্য কৰি ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰে বাবে অইলৰ বঙাইগাঁওস্থিত কাৰ্যবাহী অভিযন্তাক বিভিন্ন এলেকাত অইলৰ ফলক আঁৰি দিয়া আৰু তিনি মাহৰ মুৰে-মুৰে সজাগতা সভা পাতিবলৈ আহ্বান জনায়৷

সজাগতা সভাত মহকুমা আৰক্ষী বিষয়া হীৰেন কুমাৰ ডেকাই দুস্কৃতিকাৰীৰ তেল চুৰি কাৰ্যত উদ্ভেগ প্ৰকাশ কৰি সকলোৱে সজাগ থাকিবলৈ অনুৰোধ জনায়৷ সজাগতা সভাত অইল ইণ্ডিয়া লিমিটেডৰ আন ভালে কেইগৰাকীমান বিষয়াই বাবুবিলৰ ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে৷

সজাগতা সভাত বাবুবিল গাঁৱৰ গাঁওবুঢ়া সহ স্থানীয় বাসিন্দাই জুই নুমোৱা ক্ষেত্ৰত আগবঢ়োবা সহযোগ, অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ তৎপতৰাক ভূয়সী প্ৰশংসা কৰে অইলৰ কাৰ্যবাহী সঞ্চালক জ্যোতি প্ৰকাশ দাস আৰু নীলিম বৰগোহাঁইয়ে৷ হয়এই সকলৰ তৎপৰতা আৰু দুঃসাহসিক পদক্ষেপত নিমিষতে জুই নিৰ্বাপিত হোৱাত বৃহৎ ক্ষয়-ক্ষতিৰ পৰা এলেকা ৰক্ষা হোৱা বুলি উল্লেখ কৰে৷ এনেকি ভৱিষ্যতে কোনো দুস্কৃতিকাৰীয়ে যাতে তেলৰ পাইপ ফুটা কৰি তেল চুৰি কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজক সজাগ হবলৈ আহ্বান জনায়৷

উল্লেখ্য যে মহকুমাৰ বাবুবিলত কেইজনমান দুস্কৃতিকাৰীয়ে পাইপ লাইনৰ ওপৰত ভঙা লো-প্লাষ্টিক সংগ্ৰহৰ কাটা খুলি ভিতৰত তেল চুৰি কাৰ্য্য সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু আসন্ন বিপদৰ উমান পাই দুস্কৃতিকাৰীৰ দলটোৱে সকলো সা-সামগ্ৰী লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ পিছতেই তেল পৰিবাহী পাইপত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ এই দুস্কৃতিকাৰী সকলৰ ভিতৰত আৰক্ষীয়ে ২ নং ভোমৰাবিল গাঁৱৰ শেৰ আলী খান, বাংলাবাৰী গাঁৱৰ জয়চান আলী আৰু বঙাইগাঁৱৰ ছামচুল আলম নামৰ তিনিজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি অধিক তথ্য উদ্ঘাটনৰ বাবে তদন্ত চলাই আছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande