তামুলপুৰ, ৫ জুন (হি.স.)। যোগ কেৱল শৰীৰৰ কাৰণেই নহয়, মনৰ কাৰণেও প্ৰয়োজন বুলি তামুলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত ৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় এখন সভাৰ আৰম্ভণিতেই উল্লেখ কৰে। তেওঁৰ অধ্যক্ষতাত অনুষ্ঠিত সভা খনত আয়ুষ সঞ্চালকালয়, অসম আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছন, অসমে জাৰি কৰা যোগ সম্পৰ্কীয় এছ অ' পি সম্পৰ্কে বিতংকৈ আলোচনা কৰা হয়।
সভাৰ সিদ্ধান্তমৰ্মে তামুলপুৰৰ কচুবাৰীস্থিত শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰৰ সভাগৃহত ২১ জুনত অনুষ্ঠিত হব লগা ৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচী জিলা প্ৰশাসন আৰু পতঞ্জলিৰ উদ্যোগত অনুষ্ঠিত হ'ব। অৱশ্যে তাৰ আগৰ পৰাই জিলা খনৰ বিভিন্ন ঠাইত যোগ সম্পৰ্কীয় প্ৰতিযোগিতা তথা অনুশীলন অনুষ্ঠিত হ'ব। জিলা খনত বছৰ বছৰ ধৰি যিসকল লোকে যোগৰ অনুশীলন কৰি আহিছে, সেই জ্যেষ্ঠ ব্যক্তি সকলক সম্বৰ্ধনা জনোৱাৰো পোষকতা কৰে জিলা আয়ুক্ত গৰাকীয়ে।
আজিৰ সভা খনত জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া, সেনা বাহিনী, এছ এছ বি আদিৰ বিষয়া, আৰক্ষী বিষয়া, পতঞ্জলিৰ বিষয়ববীয়া, যোগ-অনুষ্ঠানৰ বিষয়ববীয়া, বিভাগ সমূহৰ মুৰব্বী আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এইবাৰৰ ৰাষ্ট্ৰীয় যোগ দিৱসৰ থীম হৈছে- য়োগা ফৰ্ ৱান আৰ্থ, ৱান হেল্থ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ