প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত  বিজেপি নেতৃত্বাধীন চৰকাৰৰ ১১ টা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে জুন মাহত ৰাজ্যজুৰি এক মাহজোৰা কাৰ্যসূচী
গুৱাহাটী, ০৫ জুন(হি.স.)। বশিষ্ঠ চাৰিআলি স্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে সংবাদ মাধ্যমক অবগত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ বিজেপি নেতৃ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত  বিজেপি নেতৃত্বাধীন চৰকাৰৰ ১১ টা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে জুন মাহত ৰাজ্যজুৰি এক মাহজোৰা কাৰ্যসূচী


গুৱাহাটী, ০৫ জুন(হি.স.)। বশিষ্ঠ চাৰিআলি স্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে সংবাদ মাধ্যমক অবগত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ ১১ টা গৌৰৱময় বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে জুন মাহত ৰাজ্যজুৰি এক মাহজোৰা কাৰ্যসূচীৰ গ্ৰহণ কৰা হ’ব। কিন্তু ৰাজ্যখনত বিৰাজ কৰা বিধ্বংসী বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ উল্লেখ কৰে যে বানপীড়িত লোক সকলক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰাটোৱেই তাৎক্ষণিক অগ্ৰাধিকাৰ দিয়া হ’ব। কাৰ্যসূচী সমূহ কেৱল বানমুক্ত জিলা সমূহতহে ৰূপায়ণ কৰা হ’ব।

প্ৰতিখন জিলাতে ১০ জুনৰ পৰা ২০ জুনৰ ভিতৰত মোডী চৰকাৰৰ ১১ বছৰ – সংকল্প (সংকল্প)ৰ পৰা সিদ্ধি (সাফল্য) শীৰ্ষক ধাৰাবাহিক অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত তলত উল্লেখ কৰা মূল পদক্ষেপ সমূহ অন্তৰ্ভুক্ত কৰা হ'ব। ১০ আৰু ১১ জুনত মন্ত্ৰী , সাংসদ, বিধায়ক সকলৰ উপস্থিতিত সংবাদমেল আয়োজন কৰা হ’ব । প্ৰতিটো মণ্ডলত জনসাধাৰণৰ অংশগ্ৰহণেৰে বিকশিত ভাৰত (উন্নত ভাৰত)ৰ বাবে এটা সংকল্প লোৱা হ'ব। মণ্ডল কাৰ্যনিৰ্বাহক সমিতিয়ে এই বিষয়টো তেওঁলোকৰ বৈঠকৰ কাৰ্যসূচীত সন্নিৱিষ্ট কৰিব আৰু জিলা বা ৰাজ্যিক পৰ্যায়ৰ বিজেপি প্ৰতিনিধিয়ে মোডী চৰকাৰৰ সংকল্পৰ পৰা সিদ্ধিলৈ যাত্ৰাৰ সবিশেষ দাঙি ধৰিব।

প্ৰতিটো বিধান সভা সমষ্টিত ১০ জুনৰ পৰা ২০ জুনলৈ চৰকাৰী কল্যাণমূলক আঁচনিৰ পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হ’ব। প্ৰতিটো সমষ্টিৰ ১০০ জন জ্যেষ্ঠ নাগৰিকক ঘৰে ঘৰে গৈ প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত পঞ্জীয়ন কৰিবলৈ বিশেষ প্ৰচেষ্টা চলোৱা হ’ব। এই প্ৰচাৰত সাংসদ, বিধায়ক, চি ই এম, প্ৰাক্তন বিধায়ক, ই এম, জিলা পৰিষদৰ সদস্য, পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী, আৰু দলৰ জ্যেষ্ঠ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰিব।

অহা ১০ জুনত ৰাজ্যৰ কাৰ্যালয় আৰু সকলো জিলা কার্যালয়ত মোডী চৰকাৰৰ বিগত ১১ বছৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰা প্রদর্শনী সমূহ জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব ৷ ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ১৫ জুনৰ পৰা ২০ জুনৰ ভিতৰত প্ৰতিটো মণ্ডলত যোগ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হ’ব । ১৬ জুনৰ পৰা ২০ জুনলৈ প্ৰতিটো শক্তি কেন্দ্ৰ পৰ্যায়ত চোতাল বৈঠক অনুষ্ঠিত কৰি মোডী চৰকাৰৰ ১১ বছৰীয়া উন্নয়নমূলক যাত্ৰাৰ বিষয়ে আলোচনা কৰা হ'ব।

৫ জুনৰ বিশ্ব পৰিবেশ দিৱস, বৃক্ষৰোপণৰ এক বৃহৎ অভিযান। এক পেড মা কে নাম ( মাতৃৰ নামত এজোপা গছ) শীৰ্ষক বিষয়বস্তুৰ অধীনত প্ৰতিজন নিৰ্বাচিত প্ৰতিনিধি, দলীয় কৰ্মী, আৰু স্বেচ্ছাসেৱী সংগঠন এই অনুষ্ঠানটোক সফল কৰি তোলাৰ বাবে জড়িত হ'ব।

২৩ জুনত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্বহীদ দিৱস হিচাপে উদযাপন কৰা হ’ব। প্ৰতিটো বুথতে এই অনুষ্ঠান পালন কৰা হ’ব। এইবাৰো তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল – নিষ্ঠুৰতা আৰু গণতান্ত্ৰিক অধিকাৰ দমনৰ এক ক’লা অধ্যায় যিটো এতিয়াও জনস্মৃতিত ৰৈ আছে। এই ক'লা অধ্যায়ৰ বিষয়ে মানুহক সজাগ কৰিবলৈ প্ৰতিখন জিলাতে আলোচনা চক্ৰ আৰু আলোচনাৰ আয়োজন কৰা হ'ব ৷ তদুপৰি প্ৰতিখন জিলাতে গণতন্ত্ৰ যোদ্ধাক সম্বৰ্ধনা জনোৱা হ'ব।

ডাঙৰ চহৰত কেন্দ্ৰীয় মন্ত্ৰী, ৰাষ্ট্ৰীয় নেতাই প্ৰচাৰ চলাব। জিলা পৰ্যায়ত ৰাজ্যিক বিজেপি নেতা, ৰাজ্যিক মন্ত্ৰী, সাংসদ সকলে,মণ্ডল পৰ্যায়ত জিলা নেতা, বিধায়ক, মেয়ৰ, নিৰ্বাচিত প্ৰতিনিধি, শক্তি কেন্দ্ৰ পৰ্যায়ত মণ্ডল আৰু উচ্চ পৰ্যায়ৰ নেতা, নিৰ্বাচিত প্ৰতিনিধি সকলে প্ৰচাৰ চলাব।

এই অভিযানৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰিবলৈ অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই চাৰিজনীয়া এখন আহ্বায়ক সমিতি গঠন কৰিছে। তেওঁলোক হৈছে কৰ্ণদ পুৰকায়স্থ (ৰাজ্যিক সম্পাদক), লক্ষ্য কোঁৱৰ (মুখপাত্ৰ)

কিশোৰ উপাধ্যায় আৰু অভিজিত নাথ প্ৰাক্তণ জিলা সভাপতি।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande