ইউপিপিএলৰ মিছন কোকৰাঝাৰঃ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ভোমৰাবিলত বুথ সন্মিলন, এককভাৱে চৰকাৰ গঠনৰ লক্ষ্য
ইউপিপিএলৰ মিছন কোকৰাঝাৰঃ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ভোমৰাবিলত বুথ সন্মিলন, এককভাৱে চৰকাৰ গঠনৰ লক্ষ্য।
ইউপিপিএলৰ মিছন কোকৰাঝাৰঃ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ভোমৰাবিলত বুথ সন্মিলন, এককভাৱে চৰকাৰ গঠনৰ লক্ষ্য


কোকৰাঝাৰ, ০৩ জুন (হি.স.): বিটিচি এলেকাত বসবাস কৰা ৩৫ লাখ জনসাধাৰণৰ নিৰাপত্তা, ঐক্য, সংহতি, সম মৰ্যদা আৰু সম উন্নয়ন আদিৰ প্ৰতিশ্ৰুতিৰে শাসনত বহা ইউপিপিএল দলে সমাগত পৰিষদীয় নিৰ্বাচনত চল্লিশটা সমষ্টিতে প্ৰাৰ্থী দিব৷ প্ৰতিটো সমষ্টিতে দলৰ ভেটি অধিক মজবুত কৰা শাসকীয় দলটোৱে ত্ৰিশটাতকৈ অধিক আসনত জয়ী হৈ পূৰ্বৰ মিত্ৰজোঁট চৰকাৰৰ জটিলতা আঁতৰাই অকলেই চৰকাৰ গঠন কৰিব৷ তাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি চলাই আছে ইউপিপিএল দলে৷ এই বক্তব্য ৰাজ্যসভাৰ সাংসদ তথা দলৰ কাৰ্যকৰী সভাপতি ৰণগৌড়া নাৰ্জাৰীৰ৷

সমাগত পৰিষদীয় নিৰ্বাচনত আগতীয়া ৰণডংকা বজাই শাসকীয় দলটোৱে এইবাৰ আৰম্ভ কৰা মিছন কোকৰাঝাৰৰ ১২টা সমষ্টিৰ এঘাৰটা সমষ্টি দখল কৰিবলৈ লক্ষ্য স্থিৰ কৰি সমষ্টিয়ে সমষ্টিয়ে বুথ সন্মিলন আয়োজন কৰাৰ দৰেই আজি ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ভোমৰাবিলত আয়োজন কৰা বুথ সন্মিলনত অংশ গ্ৰহণ কৰি সাংসদ গৰাকীয়ে কয়, বিটিচি এলেকাৰ ২৬টা জনগোষ্ঠীৰ ৰাইজৰ মাজত ঐক্য আৰু সমন্বয় গঢ়ি প্ৰটো জনগোষ্ঠীক সমান মৰ্যাদা প্ৰদান কৰা ইউপিপিএল দল এজন ব্যক্তিৰ কথামতে নচলে৷ উদাৰ দৃষ্টিৰে চলোৱা চৰকাৰে কাৰো সৈতে অন্যায় নকৰে৷ ইয়াত একনায়কত্ববাদী নাই৷ ইয়াত অকলে প্ৰমোদ বড়োই সকলো নীতি নিৰ্ধাৰণ নকৰে৷ সকলোকে লৈ পেলাই কাম কৰা দল ইউপিপিএলৰ পাঁচ বছৰীয়া শাসনতে শান্তি আহিল৷ এই শাস্তি স্থায়ী কৰিবলৈ ইউপিপিএলক পুনৰ শাসনত বহাবলৈ সকলোৱে সমিল-মিলেৰে কাম কৰিব লাগিব৷কিন্তু বিগত পোন্ধৰ বছৰীয়া শাসনকালত হত্যা-হিংসা, কাটা-মাৰা দাবী-ধমকি আদিৰ বিৰুদ্ধে সৰৱ হৈ পৰা সাংসদ গৰাকীয়ে কয়, বিগত বিপিএফ দলৰ পোন্ধৰ বছৰ আৰু ইউপিপিএলৰ পাঁচ বছৰৰ পাৰ্থক্য বিচাৰ কৰিব৷

বক্তব্যত তেখেতে এটা এটা ভোট কেন্দ্ৰ, এটা এটা যুদ্ধ ক্ষেত্ৰ বুলি আখ্যায়িত কৰি শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ কৰ্মকৰ্তা সকলক দেহেকেহে লাগিবলৈ আহ্বান জনায়৷তাৰোপৰি তেখেতে বক্তব্যত প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত থকা ভোটাৰ সকলৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়৷শ্ৰীৰামপুৰ সমষ্টিৰ ব্লক নিকোলাছ হাছদাই পৰিচালান কৰা বুথ সন্মিলনত দলৰ সাংগঠনিক সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়ে পোন্ধৰটা প্ৰাইমাৰী কমিটিৰ ৬০টা ভোট গ্ৰহণ কেন্দ্ৰত অধিক ভোট প্ৰদান কৰি প্ৰাৰ্থীক জয়ী কৰোৱাই সমষ্টিৰ উন্নয়নৰ অংশীদাৰ হবলৈ কৰ্মকৰ্তা তথা ৰাইজৰ প্ৰতি আহ্বান জনায়৷

আনহাতে কাৰ্যবাহী সদস্য উইলছন হাছদাইয়ো নিৰ্বাচনত জয়ী কৰোৱাই শ্ৰীৰামপুৰ সমষ্টিৰ অধিক উন্নয়ন কৰিব পাৰে তাৰ বাবে কৰ্মকৰ্তা সকলৰ প্ৰতি অনুৰোধ জনায়৷ বুথ সন্মিলনত উপাধ্যক্ষ কাতিৰাম বড়োৰ উপৰি কেন্দ্ৰীয়, জিলা সমিতিৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰৰ নেতা-কৰ্মীসকল উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande