গুৱাহাটী, ০৩ জুন (হি.স.)। ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই আজি মহানগৰীৰ বেতকুছিত নিৰ্মীয়মান ইউনিটি মল (একতা মল) পৰিদৰ্শন কৰে।
অসমত উৎপাদিত সামগ্রী সমূহক এক উপযুক্ত বজাৰ প্ৰদানৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰৰ পৃষ্ঠপোষকতাত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ পিছফালে ২৯৭কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য্য প্ৰায় ৭৫শতাংশ সম্পূৰ্ণ হৈছে৷ এই প্ৰকল্পটোৰ চাৰিমহলীয়া মূল গৃহটোৰ নিৰ্মাণত নিৰ্দ্ধাৰিত ব্যয়ৰ পৰিমাণ হৈছে ২৭৫.৯৫ কোটি টকা। ৩২১৫৯বৰ্গমিটাৰ স্থানত নিৰ্মাণ কৰা ইউনিটি মলৰ গৃহটোত বেছমেন্ট আৰু ভূমি মহলাৰ লগতে চাৰিটা মহলা আছে। ইয়াৰে প্ৰথম মহলাত ৩৬টা বাণিজ্যিক বিপণী, দ্বিতীয় মহলাত ৩৬ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহ প্ৰতিনিধিত্ব কৰা ৩৬খন বিপণী, তৃতীয় মহলাত অসমৰ ৩৫খন জিলাক প্ৰতিনিধিত্ব কৰা এখন জিলা এক সামগ্রী বিক্ৰীৰ বাবে ৩৫বিপণীৰ লগতে চতুর্থ মহলাত এখন ফুড কৰ্টৰ ব্যৱস্থা ৰখা হৈছে।
এন চি চি লিমিটেড শীৰ্ষক প্ৰতিষ্ঠান এটিয়ে বিগত বৰ্ষৰ জুন মাহৰ পৰা নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা এই প্ৰকল্পটো চলিত বৰ্ষৰ ছেপ্টেম্বৰত সম্পূর্ণ হোৱাৰ আশা কৰা হৈছে। সকলো ঠিকে ঠাকে হৈ উঠিলে ডিচেম্বৰত ৰাইজৰ বাবে ইউনিটি মলটো সমৰ্পণ কৰাৰ আশা আছে বুলি উদ্যোগ মন্ত্রী বিমল বড়াই নিৰ্মাণ স্থলীত সাংবাদিকৰ আগত প্ৰকাশ কৰে।
মলটো পৰিদৰ্শন কালত প্ৰতিটো মহলালৈ গৈ নিৰ্মাণ কাৰ্য্যৰ বুজ লোৱাৰ লগতে মন্ত্রী বড়াই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিষয়া সকলৰ সৈতেও মত বিনিময় কৰে। মলটোত থাকিবলগীয়া সা সুবিধা সমূহৰ বিষয়েও তেও অৱগত হয়।
এই পৰিদৰ্শন কালত উদ্যোগ বিভাগৰ যুটীয়া সচিব তথা মন্ত্রী গৰাকীৰ বিশেষ কৰ্তব্য বিষয়া ৰাজীৱ থাপা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ কেবাগৰাকীও বিষয়াৰ লগতে নিৰ্মাণ কাৰ্য্যৰ তদাৰক কৰা লোক নিৰ্মাণ বিভাগৰ বিষয়া সকলে মন্ত্রী বড়াক সংগ দিয়ে।
উল্লেখ্য যে মলটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যৰ থলুৱা কৃষি উৎপাদক, হস্ততাঁত সামগ্রীৰ শিল্পী সকলে সামগ্রী সমূহৰ বিপণনৰ বাবে এক বিশেষ বজাৰ লাভ কৰিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী