কোকৰাঝাৰ ০৩ জুন (হি.স.): দেশৰ কৃষি ক্ষেত্ৰৰ লগতে কৃষকৰ উন্নয়নৰ বাবে সমগ্ৰ দেশজুৰি যোৱা ২৯ মে’ৰ পৰা আৰম্ভ হোৱা বিকশিত কৃষি সংকল্প অভিযান কোকৰাঝাৰ জিলাত অব্যাহত আছে ৷ কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰ চমুকৈ কে ভি কেৰ উদ্যোগত তথা মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত আজি জিলা খনৰ দোতমা উন্নয়ন খন্ড এলেকাৰ শিয়ালমাৰী আৰু নেপালপাৰাত ভিচিডিচিত এই কাৰ্য্যসূচীৰ আয়োজন কৰাৰ লগতে কচুগাঁও উন্নয়ন খন্ড এলেকাৰ বড়োবাধা আৰু কচুগাঁও ভিচিডিচিতো অনুৰূপ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ৷
বড়োবাধা আৰু কচুগাঁৱত আয়োজিত অনুষ্ঠানৰ আঁত ধৰি কেভিকেৰ বিজ্ঞানী শান্তনু কৌশিক বৰাই প্ৰাক খাৰিফ খেতিৰ বিষয়ে ৰাইজক মূল্যবান দিহা পৰামৰ্শ দিয়াৰ লগতে উন্নতমানৰ বীজ সাৰ আৰু মাটিৰ উৰ্বৰতা শক্তিৰ বিষয়ে সজাগতামূলক ভাষণ দিয়ে। উপস্থিত মীন বিজ্ঞানৰ প্ৰকল্প সহায়ক দীপাঙ্কৰ শইকীয়াই বিভিন্ন খাদ্যৰ প্ৰস্তুতিকৰণ আৰু খাদ্যৰ মূল্য সংযোজন ওপৰত ভাষন প্ৰদান কৰে । উপস্থিত ড° অৰ্শমিতা বৈশ্য, এ এছ আৰ এল এম ৰ মুক্তিৰাজ বসুমতাৰী, মীন বিভাগৰ বিষয়া বদিত জামান ফকিৰ, ভিচিডিচিৰ সভাপতি সঞ্জয় হাজোৱাৰী, এ ই এ ৰ অভিষেক মজুমদাৰে কৃষি ক্ষেত্ৰৰ উন্নয়নৰ লগতে উন্নত প্ৰযুক্তিৰ সজুলিৰ ব্যবহাৰ, মাটিৰ উৰ্বৰতা শক্তি, পোক পৰুৱাৰ প্ৰভাব আৰু ইয়াৰ প্ৰতিকাৰ আদি সামৰি গুৰুত্ব পূৰ্ণ দিহা পৰামৰ্শ দিয়াৰ লগতে সজাগতামূলক ভাষন দিয়ে ৷
আনহাতে দতমা উন্নয়ন খন্ডৰ শিয়ালমাৰি আৰু নেপালপাৰা ভিচিডিচিত আয়োজিত সংকল্প অভিযানত উপস্থিত কেভিকেৰ বিজ্ঞানী তথা সমুদায় বিজ্ঞানৰ বিষয়বস্তু বিশেষজ্ঞা পৰ্ণা শৰ্মাৰ শৰ্মাই মহিলা সবলিকৰণ, বিভিন্ন খাদ্যৰ প্ৰস্তুতকৰণ, মিলেটৰ মূল্য সংযোজন ওপৰত ভাষন প্ৰদান কৰাৰ লগতে মহিলা আত্ম সহায়ক গোটক স্বাবলম্বী কৰাৰ অনুপ্ৰেৰণামূলক দিহা-পৰামৰ্শ দিয়ে
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ