বংকোৱাল-নেঘেৰিটিং মথাউৰিত ৫ টাকৈ ঠাইত নিগৰিছে পানী
পুনৰ বিগত বৰ্ষৰ দৰে ৫০ৰো অধিক গাঁও বানত প্লাৱিত হোৱাৰ আশংকাত আতংকিত ৫০ ৰো অধিক গাঁৱৰ ৰাইজ গোলাঘাট, ০২ জুন (হি.স.)। নেৰানেপেৰা বৰষুণৰ ফলত অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰবাবে আতংকিত হৈ পৰিছে এতিয়া বংকোৱাল-নেঘেৰিটিং মথাউৰিৰ.কাষৰ
বংকোৱাল-নেঘেৰিটিং মথাউৰিত ৫ টাকৈ ঠাইত নিগৰিছে পানী


পুনৰ বিগত বৰ্ষৰ দৰে ৫০ৰো অধিক গাঁও বানত প্লাৱিত হোৱাৰ আশংকাত আতংকিত ৫০ ৰো অধিক গাঁৱৰ ৰাইজ

গোলাঘাট, ০২ জুন (হি.স.)। নেৰানেপেৰা বৰষুণৰ ফলত অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰবাবে আতংকিত হৈ পৰিছে এতিয়া বংকোৱাল-নেঘেৰিটিং মথাউৰিৰ.কাষৰীয়া গাঁওসমূহৰ ৰাইজ। বিগত বৰ্ষত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বংকোৱাল-নেঘেৰিটিং মথাউৰি উটুৱাই নিয়াৰ ফলত একেলগে প্লাৱিত হৈছিল ৫০ খনৰো অধিক গাঁও।

ফলত ভঁৰালৰ ধান চাউলকে ধৰি উটি গৈছিল পশুধন। এক নাজল নাথল অৱস্থা হৈছিল ৰাইজৰ। এইবাৰো ইতিমধ্যেই বংকোৱাল-নেঘেৰিটিং মথাউৰিত কেইবাটাও ঠাইত নিগৰিছে পানী । যাৰবাবে এতিয়া আতংকিত হৈছে পৰিছে ৰাইজ। গোলাঘাট জিলা আয়ুক্ত সহিতে এটা দলে আহি মথাউৰিতো পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ সহযোগত ফাট সমূহ বন্ধ কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande