কোকৰাঝাৰ, ০২ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শৰাইবিল আৰু জানালীগাঁৱত পৃথকে পৃথকে বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰা হয়৷ কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰ চমুকৈ কে ভি কেৰ উদ্যোগত তথা মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত আয়োজিত অনুস্থানৰ আঁতধৰে কেভিকেৰ বিজ্ঞানী শান্তনু কৌশিক বৰাই ।বৰাই প্ৰাক খাৰিফ খেতিৰ বিষয়ে ৰাইজক মূল্যবান দিহা পৰামৰ্শ দিয়াৰ লগতে উন্নতমানৰ বীজ সাৰ আৰু মাটিৰ উৰ্বৰতা শক্তিৰ বিষয়ে সজাগতামূলক ভাষণ দিয়ে।
কেভিকেৰ বিজ্ঞানী তথা সমুদায় বিজ্ঞানৰ বিষয়বস্তু বিশেষজ্ঞা পৰ্ণা শৰ্মাৰ তত্বাবধানত আয়োজিত দুয়োটা অনুষ্ঠানত উপস্থিত বিভিন্ন বিভাগৰ বিষয়া তথা গনমান্য ব্যক্তি সকলে তেওলোকৰ বিভাগৰ চৰকাৰী আচনিৰ লগতে সা সুবিধা সমূহৰ ওপৰত আলোকপাত কৰে । উপস্থিত মান্ডলিক কৃষি গৱেষনা কেন্দ্ৰৰ বিজ্ঞানী ড° বিনোদ উপাধ্যায়ে খেতিৰ সময়ত পথাৰত দেখা দিয়া পোক পৰুৱাৰ ওপৰত নিজৰ মন্তব্য দি ইয়াৰ প্ৰতিকাৰৰ বিষয়ে ৰাইজক অৱগত কৰে। উপস্থিত মীন বিভাগৰ বিষয়া বদিত জামান ফকিৰে পথাৰৰ ওপৰত নিজৰ মন্তব্য দিয়ে ।
উপস্থিত পশুপালন আৰু পশু চিকিৎসক ড° ধ্ৰুৱজ্যোতি ৰামছিয়াৰীয়ে গাহৰি,মুৰ্গি পালনৰ ওপৰত গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়াৰ লগতে এইবোৰৰ বেমাৰৰ নিয়ন্ত্ৰণৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে । বিজ্ঞানী পৰ্ণা শৰ্মাই মহিলা সবলিকৰণ, বিভিন্ন খাদ্যৰ প্ৰস্তুতকৰণ,মিলেটৰ মূল্য সংযোজন ওপৰত ভাষন প্ৰদান কৰাৰ লগতে মহিলা আত্ম সহায়ক গোটক স্বাবলম্বী কৰাৰ অনুপ্ৰেৰণামূলক দিহা-পৰামৰ্শ দিয়ে ৷অনুষ্ঠানত কৃষি বিভাগৰ বিষয়া জুলিয়ানা বসুমতাৰী, ৰাকেশ বড়ো, দেবজিত হজোৱাৰী, এ এছ আৰ এল এমৰ বিষয়া প্ৰকাশ নাৰ্জাৰী আৰু মুক্তিৰাজ বসুমতাৰীৰ লগতে দুয়োটা অনুষ্ঠানত সৰ্বমুঠ পাঁচ শতাধিক কৃষক তথা ৰাইজ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ