হাইলাকান্দিৰ আশ্ৰয় শিবিৰ পানীৰ তলত, ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় বানপীড়িতৰ
হাইলাকান্দি, ০৪ জুন (হি.স.)। নেৰানেপেৰা বৰষুণ আৰু বৰাক নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত পানীত বুৰ গৈছে হাইলাকান্দিৰ কালিনগৰত অৱস্থিত এটা আশ্ৰয় শিবিৰ। জিলা প্ৰশাসনৰ তৰফৰ পৰা এসি গার্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই শিবিৰটো বান পীড়িতসকলৰ বাবে স্থাপন কৰা
হাইলাকান্দিৰ আশ্ৰয় শিবিৰ পানীৰ তলত, ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় বানপীড়িতৰ


হাইলাকান্দি, ০৪ জুন (হি.স.)। নেৰানেপেৰা বৰষুণ আৰু বৰাক নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত পানীত বুৰ গৈছে হাইলাকান্দিৰ কালিনগৰত অৱস্থিত এটা আশ্ৰয় শিবিৰ। জিলা প্ৰশাসনৰ তৰফৰ পৰা এসি গার্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই শিবিৰটো বান পীড়িতসকলৰ বাবে স্থাপন কৰা হৈছিল।

যোৱা ২ জুন, সোমবাৰে এই শিবিৰ পৰিদৰ্শন কৰিবলৈ আহিছিল জিলাৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে। তেওঁ বান পীড়িতসকলৰ সৈতে কথা পাতি তেওঁলোকৰ প্ৰয়োজনীয় সুবিধা আৰু সহায়তা নিশ্চিত কৰিছিল।কিন্তু যোৱা ৰাতিৰ পৰা পৰিস্থিতিৰ অবনতি ঘটে। বৰাক নদীৰ পানী সোমাই পৰে শিবিৰটোত। ফলত প্ৰায় ৫০০ জন বানপানী পীড়িত নাগৰিকে শিবিৰ এৰি আগতে থকা ৰাষ্ট্ৰীয় ঘাইপথত গুচি আশ্ৰয় লবলৈ বাধ্য হয়। পীড়িতসকলৰ অভিযোগ, আজি পুৱাৰ পৰাই তেওঁলোকৰ খবৰ লোৱাৰ বাবে কোনেও আহি পোৱা নাই। প্ৰশাসনৰ পৰা কোনো সহায় লাভ কৰা নাই বুলি অভিযোগ তুলিছে। আশ্ৰয়বিহীন অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰা এই লোকসকলে শীঘ্ৰে প্ৰশাসনিক হস্তক্ষেপ আৰু সহায় বিচাৰি আবেদন জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande