ধুবুৰী, ০৬ জুন (হি.স.): ঈদৰ প্ৰাক মুহূৰ্তত ধুবুৰীৰ জিলা আয়ুক্তৰ চৰকাৰী বাসগৃহৰ ওচৰৰ পৌৰসভাৰ উদ্যান এখনৰ ৱাল লিখনকলৈ চাঞ্চল্যৰ সৃষ্টি হয়। বিষয়টো অৱগত হৈ যোৱাকালি নিশা আৰক্ষী প্ৰশাসনৰ হুৱা দুৱা লাগে । নিশাৰ ভিতৰতে ৰং কৰি ৱাল লিখন মুচিলে আৰক্ষীয়ে । ৱাল খনৰ লিখনিত বাংলাদেশক সমৰ্থন কৰাৰ সন্দেহ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ