গোলাঘাট, ০৪ জুন (হি.স.)। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বানপানীত ককবকাই থকা ৰাইজলৈ আজি বিবেক বৰাৰ উপহাৰ। যুৱ সমাজকৰ্মী বিবেক বৰাৰ মহানুভৱতা। বানাক্ৰান্ত দানিচাপৰি নেপালী গাঁৱৰ ৰাইজলৈ নাঁও উপহাৰ। দানিচাপৰি বানেগৰকা ৰাইজৰ বহু দিনৰ অভাৱ আছিল এখন নাঁৱৰ ৷
বিপদ সংকুল ভাৱে পানীৰ মাজেৰে গঞা ৰাইজে যাতায়ত কৰিব লগীয়া হৈছিল ৷ স্কুলীয়া ছাত্ৰছাত্ৰী ৰ পৰা ৰোগী লৈকে এখন ভোৰত পানী মাজত বিপদ সংকুল পৰিৱেশত যাতায়ত কৰিব লগীয়া হৈছিল৷ আজি বহু দিনৰ অভাৱ দূৰ হ’ল গঞা ৰাইজৰ ৷ ৰাইজৰ বাবে বিবেক বৰাই আগবঢ়ালে এখন নাঁও, যাৰ জড়িয়তে সেই অঞ্চলৰ যাতায়ত অতি সুচল হৈ পৰিব। চৰ্চা লাভ কৰিছে এই ব্যক্তিজনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ