বশিষ্ঠ আৰক্ষীৰ জালত কিশোৰসহ চাৰিজনীয়া গভাইত চোৰৰ দল
গুৱাহাটী, ০৪ জুন (হি.স.)। বশিষ্ঠ আৰক্ষীৰ জালত কিশোৰসহ চাৰিজনীয়া গভাইত চোৰৰ দল। বিগত দুই জুনত ঘৰত কোনো নথকা অৱস্থাত বেহাৰবাৰীৰ সুৰুয নগৰস্থিত জ্যোতি কলিতা নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা চোৰৰ দলটোৱে লুটিছিল নগদ ধন সোণৰ আ-অলংকাৰকে ধৰি আন বহুতো মূল্যৱান স
বশিষ্ঠ আৰক্ষীৰ জালত কিশোৰসহ চাৰিজনীয়া গভাইত চোৰৰ দল


বশিষ্ঠ আৰক্ষীৰ জালত কিশোৰসহ চাৰিজনীয়া গভাইত চোৰৰ দল


গুৱাহাটী, ০৪ জুন (হি.স.)। বশিষ্ঠ আৰক্ষীৰ জালত কিশোৰসহ চাৰিজনীয়া গভাইত চোৰৰ দল। বিগত দুই জুনত ঘৰত কোনো নথকা অৱস্থাত বেহাৰবাৰীৰ সুৰুয নগৰস্থিত জ্যোতি কলিতা নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা চোৰৰ দলটোৱে লুটিছিল নগদ ধন সোণৰ আ-অলংকাৰকে ধৰি আন বহুতো মূল্যৱান সা-সামগ্ৰী।

ঘৰৰ গৰাকীয়ে দিয়া অভিযুক্তৰ ভিত্তিত বশিষ্ঠ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা অভিযানত মাত্ৰ ৪৮ ঘন্টাৰ ভিতৰতেই সামগ্ৰীসহ আৰক্ষীৰ জালত পৰে এই চাৰি চোৰ। ইয়াৰে তিনি চোৰ বিকি প্ৰসাদ, পাপু প্ৰসাদ আৰু ডেভিদ ঠাকুৰীয়া হোৱাৰ বিপৰীতে দলটোত আছিল আন এটা কিশোৰ।

দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চুৰি কৰা বৃহৎ পৰিমাণৰ সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে ম'বাইল ফোন।

ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীৰ তদন্ত অব্যাহত।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande