কোকৰাঝাৰ, ০৪ জুন (হি.স.)। গোসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত এক নম্বৰ দাৱাগুৰিত নদীত আজি পুৱা এজন যুবক মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো গাঁওখনৰে বাসিন্দা গজেন্দ্ৰ ৰায়ৰ পুত্ৰ গোবিন্দ ৰায়(৩৫) বুলি চিনাক্ত কৰত হৈছে। জানিব পৰামতে গাঁওখনৰ মাজেদি বৈ যোৱা বুঢ়াচৰা নদীত পুৱা ৰাইজে পানীত ওপঙি থকা অৱস্থাত এটি মৃতদেহ প্ৰত্যক্ষ কৰে । লগে লগে ৰাইজে ইজনে সিজনক খবৰ দিয়াৰ লগতে শিমুলটাপু আৰক্ষীক অবগত কৰে।
সেইমতে আৰক্ষীয়ে ঘটনাস্থলীত উপ হৈ মৃতদেহ উদ্ধাৰ কৰি স্থানীয় লোকৰ দ্বাৰা চিনাক্ত কৰণ কৰি মৃতদেহ থানাত লৈ যায় ৷ যুবক জন পানীত পৰি মৃত্যু হৈছে নে কোনোৱাই হত্যা কৰি পানীত পেলাই দিছে সেৱা এতিয়ালৈ স্পষ্ট হোৱা নাই যদিও পৰিয়াল তথা স্থানীয় একাংশৰ ৰাইজে ঘটনাক হত্যাকাণ্ডৰ সন্দেহ কৰিছে। ইপিনে খবৰ পাই আক্ৰাছুৰ কেন্দ্ৰীয় সম্পাদক সুনাধৰ ৰায় ঘটনাস্থলীত উপস্থিত হৈ যুবকজনৰ অকাল মৃত্যুৎ দুখ প্ৰকাশ কৰি প্ৰশাসনৰ ওচৰত ঘটনাৰ উচিত তদন্ত বিচাৰিছে। কনমানি দুগৰাকী সন্তান এৰি অকাল মৃত্যু হোৱা যুবকজনৰ পৰিয়ালটো অসহায় হৈ পৰিছে বুলি উল্লেখ কৰি পৰিয়ালটোলৈ চৰকাৰৰ আৰ্থিক সহায়তা দাবী কৰিছে আক্ৰাছুৰ সম্পাদক গৰাকীয়ে । উল্লেখ্য যে যুবকজনক কালিৰ পৰা সন্ধানহীন হৈ আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ