বৰপেটাৰ মাজদিয়া আৰক্ষী চকীৰ পৰা আচামীৰ পলায়ন
বৰপেটাৰ সৰ্থেবাৰীৰ মাজদিয়া আৰক্ষী চকীৰ পৰা পলায়ন কৰিলে অভিযুক্ত ।
বৰপেটাৰ মাজদিয়া আৰক্ষী চকীৰ পৰা আচামীৰ পলায়ন


বৰপেটা, ১৩ আগষ্ট (হি.স.): বৰপেটাৰ সৰ্থেবাৰীৰ মাজদিয়া আৰক্ষী চকীৰ পৰা পলায়ন কৰিলে আৰক্ষীয়ে ধৰি নিয়া অভিযুক্ত। থানাৰ পৰা হেণ্ডকাপ কাটি পলায়ন কৰিলে অভিযুক্তই। পলায়ন কৰা অভিযুক্ত গৰাকীৰ নাম হাছেন আলী । চুৰি গোচৰত আটক হৈছিল হাছেন আলী।

ধৃত হাছেন আলীৰ ঘৰ গৰেমাৰীত বুলি জনা গৈছে। ৰাইজৰ সহযোগত আটক কৰা হৈছিল হাছেনক । সোমবাৰ নিশা ১১ বজাত সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গোৰেমাৰীৰ এটা ডেম্পত চুৰি কাৰ্য সংঘটিত কৰিছিল পিছত ৰাইজে আটক কৰি মাজদিয়া আৰক্ষী চকীত সমজাই দিছিল । কিন্তু যোৱা কালি মঙ্গলবাৰে বিয়লি থানাৰ পৰা পলাই যায় গোৰেমাৰী গাঁৱৰ আইনাল আলীৰ পুত্ৰ হাছেন আলী । মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুলজাৰ হুছেইনৰ দায়িত্বহীনতাৰ বাবে এই কাণ্ড সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ তুলিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande