কাছাৰ, ১৩ আগষ্ট (হি.স.): কাছাৰ জিলাৰ শিলচৰৰ ৰাধামাধৱ কলেজত এজন ছাত্রীক এচিডেৰে আক্ৰমণ কৰাৰ অভিযোগত এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে। মঙলবাৰ বিয়লি সংঘটিত এই ঘটনাত কলেজৰ পৰিসৰত তীব্ৰ উত্তেজনা সৃষ্টি হয়।
অভিযোগ অনুসৰি, শিলচৰ শৰৎপল্লীৰ বাসিন্দা শুভম দেৱ নামৰ উক্ত যুৱকজন দীঘলীয়া দিনৰ পৰা কলেজৰ এজন ছাত্রীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। প্ৰস্তাৱ নাকচ কৰাত, সেইদিনা তেওঁ এচিড ভৰ্তি বটল লৈ ছাত্রীৰ ফালে ধাবমান হয়। উপস্থিত অন্যান্য ছাত্র-ছাত্ৰীসকলে তৎপৰতাৰে তেওঁক আটক কৰি এচিড আক্ৰমণ প্ৰতিৰোধ কৰে।
ঘটনাৰ খবৰ পাই ৰাঙ্গীৰখাৰী আৰক্ষী চকীৰ ইন-চাৰ্জ ৰাজু ৰঞ্জন দেৱ দলবলে ঘটনাস্থলীলৈ উপস্থিত হৈ শুভম দেৱক আটক কৰি থানালৈ লৈ যায়। প্ৰত্যক্ষদৰ্শীসকলে জনায়, এই সময়ত অভিযুক্তৰ সৈতে থকা কেইজনমান মহিলাই কলেজৰ ছাত্র-ছাত্ৰীসকলৰ সৈতে হাতাহাতি আৰু মাৰধৰৰ চেষ্টা কৰিছিল।
আৰক্ষীয়ে জনাইছে, ঘটনাৰ বিষয়ে তদন্ত চলি আছে আৰু প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শিক্ষানুষ্ঠানত এনে নিন্দনীয় ঘটনা সংঘটিত হোৱাত শিক্ষক-শিক্ষার্থী মহলত চৰম উদ্বেগৰ সৃষ্টি হৈছে। ছাত্র-ছাত্ৰীসকলৰ মাজত তীব্ৰ ক্ষোভ দেখা দিয়ে। অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবীত তেওঁলোকে কলেজৰ পৰিসৰত প্ৰতিবাদ সভা কৰে।
স্থানীয় সমাজকৰ্মী আৰু অভিভাৱকসকলে ঘটনাটিৰ তীব্ৰ নিন্দা জনাই কয়, শিক্ষা প্ৰতিষ্ঠানত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা এতিয়া সময়ৰ দাবী। এই ঘটনাৰ ফলত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে শিলচৰ ৰাঙ্গীৰখাৰী আৰক্ষী চকী ঘেৰাও কৰি অভিযুক্তৰ দৃষ্টান্তমূলক শাস্তিৰ দাবি তোলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ