কোকৰাঝাৰ, ১৩ আগষ্ট (হি.স.): সমাগত বিটিছি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । এই ক্ষেত্ৰত পিছপৰি ৰৈ থকা নাই এআই ইউডি এফ দলো। যোৱা কালি মঙ্গলবাৰে বিয়লি বিটিছিৰ ৭ নং ফকিৰাগ্ৰাম অজনজাতি সমষ্টিৰ অধিন ফকিৰাগ্ৰামত এক কৰ্মী সভা অনুষ্ঠিত কৰে ।
উক্ত কৰ্মী সভাত বিধায়ক আশ্ৰাফুল ইছলাম, বিধায়ক ছামছুল হুদা, বিধায়ক নজৰুল ইছলামৰ লগতে দলটোৰ বহুতো নেতৃস্থানীয় লোক উপস্থিত থাকে । উক্ত কৰ্মী সভাখন পৰিচালনা কৰে কোকৰাঝাৰ জিলা সভাপতি আনোৱাৰ হুচেইনে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ