সোণাৰিত ৰাইজে কৰায়ত্ব কৰিলে ড্ৰাগছ সহ দুই চোৰ
জিলা কাৰাগাৰৰ কাষতে থকা দোকানত কালি নিশা চোৰৰ চাফাই অভিযান ।
সোণাৰিত ৰাইজে কৰায়ত্ব কৰিলে ড্ৰাগছ সহ দুই চোৰ


চৰাইদেউ, ০২ জুন (হি.স.): চৰাইদেউ জিলাৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি টাউকাকৰ চৰাইদেউ জিলা কাৰাগাৰৰ কাষতে থকা এখন গেলামালৰ দোকানত যোৱাকালি নিশা চোৰে চাফাই অভিযান চলায় । দোকান খনৰ সন্মুখতে আছে পুলিছ ৰিজাৰ্ভ তথা চি আৰ পি এফ কেম্প । দিনে নিশাই ২৪ ঘন্টা নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰখা স্থানৰ কাষতে নিশা চোৰে দোকান খনত উপদ্ৰুপ চলাই দোকানৰ বহু সামগ্ৰী নগদ ধন লুটপাত কৰে ।

আজি পুৱা দোকানৰ গৰাকী আবুল হুচেইনে দোকান খুলি পিছফালৰ বেৰ ভাঙি দোকানৰ বয় বস্তু লণ্ডভণ্ড কৰি থোৱা লগতে বয় বস্তু চুৰি হোৱা বুলি জানিব পাৰে। ইফালে স্থানীয় দুই যুৱক ক্ৰমে চালমান আহমেদ আৰু আমিৰ হুছেইনক কৰায়ত্ব কৰি সোধপোছ কৰাত চোৰ দুটাই চোৰ কৰা বুলি স্বীকাৰ কৰে । স্থানীয় ৰাইজে চোৰ দুটাই ঘৰত লুকুৱাই ৰখা চুৰি সামগ্ৰী খিনি উদ্ধাৰ কৰাৰ লগতে আমিৰ হুছেইন নামৰ চোৰটোৰ ঘৰৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হয় । চোৰ দুটাক ৰাইজে আৰক্ষীক চমজাই দিয়ে ।

জানিব পৰা মতে দীৰ্ঘদিন ধৰি চুৰি কাৰ্য্যৰে জড়িত চালমান আৰু আমিৰে নিষিদ্ধ ড্ৰাগছ ব্যৱসায় সৈতে জড়িত আছিল । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande