গোৱালপাৰা, ০১ জুন (হি.স.)। ৰাজধানীৰ বশিষ্ঠ আৰক্ষীয়ে গোৱালপাৰা জিলাৰ মৰণৈই থানা অঞ্চলৰ ডুবাপাড়া এলাকাত চলোৱা তালাচী অভিযানৰ সময়ত এগৰাকী বাঞ্চিত গাড়ী চোৰ আফতাৰুল ইছলাম ওৰফে আচিক ইকবালক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত আফতাৰুল ইছলাম জিলাখনৰ মৰণৈ থানাৰ অন্তৰ্গত ৰাখ্যাশানী গাৰোপাড়া পার্ট-IIৰ আছৰফ আলীৰ পুত্ৰ ।
আৰক্ষীয় ধৃত আফতাৰুলৰ জিম্মাৰ পৰা এখন চুৰি কৰা য়ামাহা এফজেড মটৰচাইকেল উদ্ধাৰ কৰিছে। ইয়াৰ উপৰিও এটা অপ্পো ম’বাইল হেণ্ডছেটো জব্দ কৰা হৈছে। এইক্ষেত্ৰত পৰৱৰ্তী বিহিত ব্য়ৱস্থা অব্য়াহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া