গুৱাহাটী, ০১ জুন (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে চুৰিকাণ্ডৰ ঘটনাত অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা অভিযুক্ত ৰোহিত দাস ওৰফে আন্না (২০)ৰ পৰা পোৱা তথ্যৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে তালাচী অভিযান চলাইছে। দিছপুৰ থানা এলেকাৰ জাপৰিগোগ অঞ্চল (এএছইবিৰ সমীপ) আৰু ভঙাগড় থানা এলেকাৰ ৰাজগড় পথত এই অভিযান চলোৱা হৈছিল। ইয়াৰ মাজতে তিনিজন ৱাণ্টেড চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন চুৰি স্কুটিও উদ্ধাৰ কৰা হয়।
ধৃত চোৰকেইটা হৈছে ৰবি কুমাৰ গিৰি ওৰফে ৰবি (২১, এবিচি, তৰুণ নগৰ, বাই লেন নম্বৰ ৫), মনীষ চৌধুৰী ওৰফে লাকু (২৬, এবিচি, শ্ৰীনগৰ, বাই লেন নম্বৰ ৪) আৰু অৰ্জুন সিং (২৬, এবিচি, তৰুণ নগৰ, বাই লেন নম্বৰ ৭)।
জব্দ কৰা স্কুটাৰ কেইখনৰ ভিতৰত আছে এখন ক’লা ৰঙৰ হিৰো হোণ্ডা এক্টিভা থ্ৰীজি (এএছ-০১-বিআৰ-৭৯০০ চাবিসহ) আৰু এখন ক’লা ৰঙৰ হোণ্ডা এভিয়েটৰ (এএছ-০১-এআৰ-১৪৯২)। ভঙাগড় আৰক্ষী থানা এলেকাৰ ৰাজগড় পথৰ পৰা জব্দ কৰে দুয়োখন স্কুটী।
ইয়াৰ উপৰিও দিছপুৰ আৰক্ষী থানা এলেকাৰ এছিইবিৰ সমীপৰ জাপৰিগোগৰ পৰা এএছ-০১এজে- ৫৭৬৬ নম্বৰৰ এখন ক’লা ৰঙৰ হোণ্ডা এভিয়েটৰ জব্দ কৰে। অধিক জেৰাৰ সময়ত ধৃত চোৰ কেইটাৰ পৰা আৰু অধিক চুৰিৰ গোচৰ পোহৰলৈ অহাৰ আশা কৰিছে আৰক্ষীয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া