গোলকগঞ্জ ছাগলীয়াত কিশোৰীৰ সৈতে কু-কৰ্ম কৰি আৰক্ষীৰ জালত এজন যুৱক
গোলকগঞ্জ ছাগলীয়াত কিশোৰীৰ সৈতে কু-কৰ্ম কৰি আৰক্ষীৰ জালত আকাশ ৰায়।
গোলকগঞ্জ ছাগলীয়াত কিশোৰীৰ সৈতে কু-কৰ্ম কৰি আৰক্ষীৰ জালত এজন যুৱক


ধুবুৰী, ০২ জুন (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জ ছাগলীয়াত কিশোৰীৰ সৈতে কু-কৰ্ম কৰি আৰক্ষীৰ জালত পৰিছে আকাশ ৰায় নামৰ এজন ১৯ বছৰীয়া লম্পট যুৱক । ধুবুৰী জিলাৰ ছাগলীয়া আৰক্ষী চকীৰ অন্তৰ্গত কৈমাৰি গাঁৱত সংঘটিত হৈছে এই লজ্জানত ঘটনা।

প্ৰাপ্ত তথ্যমতে, আকাশ ৰায় নামৰ লম্পট যুৱক জনে একে গাঁৱৰে ১৩ বছৰীয়া কিশোৰীগৰাকীক যোৱাকাল দেওবাৰো দুপৰীয়া চকলেট খুৱাবলৈ লৈ যায়। দুপৰীয়া কোনো নথকাৰ সুযোগত কু কৰ্ম কৰিবলৈ চেষ্টা চলায়। কিশোৰী জনে ঘৰত সকলো কথা অৱগত কৰাত কালি সন্ধিয়া ছাগলীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে কিশোৰী জনীৰ পৰিয়ালে। ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নিশা লম্পট আকাশ ৰায়ক আটক কৰি গোলকগঞ্জ থানালৈ নিয়ে। এই সন্দৰ্ভত গোলকগঞ্জ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande