বঞ্চনাৰ অভিযোগেৰে মৰিগাঁৱত আটছাৰ প্ৰতিবাদী কাৰ্য্যসূচী
বঞ্চনাৰ অভিযোগেৰে মৰিগাঁৱত আটছাৰ প্ৰতিবাদী কাৰ্য্যসূচী
বঞ্চনাৰ অভিযোগেৰে মৰিগাঁৱত আটছাৰ প্ৰতিবাদী কাৰ্য্যসূচী


বঞ্চনাৰ অভিযোগেৰে মৰিগাঁৱত আটছাৰ প্ৰতিবাদী কাৰ্য্যসূচী


মৰিগাঁও, ০২ জুন (হি.স.)। মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয়। দীঘদীনে দিনৰে পৰা আদিবাসী লোকসকলক বঞ্চনাৰ অভিযোগ তুলি ছাত্ৰ সংগঠনটোৰ নেতৃত্বত কেইবাশতাধিক আদিবাসী পুৰুষ-মহিলাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে।

আদি বাসীসকলক শীঘ্ৰে জনজাতিকৰণ কৰা, দৈনিক মজুৰি ৫৫০ টকালৈ বৃদ্ধি কৰা আৰু মাটিৰ পট্টা প্ৰদান কৰাকে ধৰি আন কেইবাটাও দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় আৰু সমগ্ৰ বিষয় সামৰি জিলা আয়ুক্তক এক স্মাৰকপত্ৰও প্ৰদান কৰে । শীঘ্ৰে এই দাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত প্ৰতিবাদ ইয়াতকৈয়ো অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande