শ্ৰীভূমি,০২ জুন (হি.স.)। এক অভাবনীয় বান পৰিস্থিতি পাথাৰকান্দিত। বানৰ কবলত বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ লগতে আৰক্ষী থানাও । থানাৰ কোৱাৰ্টাৰৰ ভিতৰত এককাল পানী । আৰক্ষী থানাৰ একাংশ কৰ্মী বিষয়াই ইতিমধ্যে নিৰাপদ আশ্ৰয়ৰ বাবে অন্যত্ৰ আশ্ৰয় লৈছে । থানাত থকা আৰক্ষীৰ বাহনৰ লগতে জব্দ কৰা বহু বাহন পানীৰ তলত সোমাই পৰিছে।
দুপৰীয়াৰ ভাগত এছডিআৰএফ উদ্ধাৰ কৰে বহু কেইজন আৰক্ষীৰ লগতে তেওঁলোকৰ পৰিয়ালক। লঙ্গাই নৈৰ জলস্থৰ ক্ৰমাৎ বৃদ্ধি হৈছে । উল্লেখ্য জলসম্পদ বিভাগে সময় মতে মথাউৰি নিৰ্মাণৰ কাম নকৰাৰ বাবে যোৱাকালি বিলবাৰিৰ মথাউৰি ছিংগে আৰু আজিৰ দিনত ভয়ংকৰ ৰূপ লৈছে বান পৰিস্থিতি ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা