গোলাঘাট, ০৪ জুন (হি.স.)। বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত কেইবাটাও স্থানত প্ৰশাসনত চলিল প্ৰশাসনৰ বুলড'জাৰ ।
পৌৰসভা এলেকাৰ লোক নিৰ্মাণ বিভাগৰ অধীনস্থ অবৈধভাৱে দখল কৰি থকা কেইবাটাও স্থানত প্ৰশাসনৰ উচ্ছেদ অভিযান।
প্ৰশাসনৰ নিৰ্দেশনা উলংঘন কৰি ব্যৱসায়ী সকলে দখল কৰি থকা চৰকাৰি ভূমিত বৰপথাৰ আৰক্ষী,চি আৰ পি এফ বাহিনীৰ সহযোগত এক্সেভেটৰৰ সহায়ত ৫ৰো অধিক স্থানত সৰুপথাৰ সম জিলাৰ ৰাজহ চক্ৰ বিষয়া মনোজ দলেৰ উপস্থিতত চলে উচ্ছেদ অভিযান ।
আনহাতে উচ্ছেদৰ সময়ছোৱাত প্ৰশাসন- ব্যৱসায়িৰ মাজত তৰ্ক যুদ্ধও চলা দেখা যায় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু