গোলাঘাট,০২ জুন (হি.স.)। জেঠমহীয়া প্ৰথমটো বানত প্লাবিত হ'ল দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ অঞ্চলৰ ২৫ খনৰো অধিক গাঁও । বানপানীৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন,চাৰিওফালে পানী কেবল পানী । নেৰা নেপেৰা বৰষুণৰ ফলত বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হয় ।প্লাবিত হৈছে দেৰগাঁও ৰাজহ চক্ৰ অধীনস্থ চকিয়াল চাপৰি,সদাৰ,চমুৱা,চিৰিশটিকা,লেমচাপৰি,গড়মৰা,বহিখোৱা,ভীমপাৰা,চৰাই চাপৰি,নতুন চাপৰি,কৰৈগুৰি,বকোৰা আদিৰ লগতে বিস্তিৰ্ণ অঞ্চল ।
গৰু ছাগলী,নিজৰ ঘৰ এৰি শিবিৰত বাস কৰিব লগীয়া হৈছে নৈ পৰিয়া ৰাইজ l ইফালে হুৰা হুৰে বৃদ্ধি পাইছে বানপানী । খাদ্যৰ বাবে হাহাকাৰ গৰু ছাগলীৰ। জিলা প্ৰশাসনৰ লোক আহি পানীৰ মাজৰ পৰা উদ্ধাৰ কৰিব লগীয়া হৈছে পশু ধন সমূহ ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু