কোকৰাঝাৰ, ০২ জুন (হি.স.): কোকৰাঝাৰ গোসাইগাঁও সদৰ চহৰৰ বাবুবিলত যোৱা কালি দেওবাৰে অইলৰ পাইপ ফুটি অগ্নীকাণ্ড সংঘটিত হোৱা ঘটনাৰ সৈতে তেলচোৰ চক্ৰ জৰিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। তেলচোৰ চক্ৰটোৱে পাইপ ফুটা কৰি তেল চুৰি কৰিবলৈ লওতে জুইৰ সূত্ৰপাত হয় আৰু মূহুৰ্তৰ ভিতৰতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে ।
জানিব পৰামতে স্থানীয় কিছু যুৱকক লৈ বাহিৰৰ পৰা অহা এটা চক্ৰই কিছুদিন পূৰ্বে উক্ত স্থানত ভঙি ফুটা সামগ্ৰী ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছিল ৷ কিন্তু চক্ৰটোৱে সমগ্ৰ এলেকাটোত টিঙৰ বেৰ স্থাপন কৰি ৰাইজৰ চকুত ধুলি দি ব্যবসায়ৰ ছলেৰে মাটি খান্দি অইলৰ পাইপ উলিয়াই ফুটা কৰি তেল চুৰি কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। ইফালে যোৱা কালি পাইপৰ পৰা তেল নিৰ্গত হৈ প্ৰায় দুবিঘা মাটি ভৰি পৰিছিল। তেনে সময়তে গাঁৱৰ দুগৰাকী যুবকে পুৱা উক্ত স্থানত মুকলিকৈ শৌচ কৰিবলৈ গৈ ধুমপান কৰি অবশিষ্ট তাত পেলাই দিয়াত জুইৰ সুত্ৰপাত হয় আৰু মূহুৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই ভয়ংকৰ ৰূপ ধাৰণ কৰে। উক্ত জুইত বাবুবিল গাঁৱৰ বাসিন্দা লক্ষ্মিৰাম মাৰ্ডী (২০) অগ্নিদগ্ধ হৈ আহত হয় । সম্প্ৰতি তেও গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
ইপিনে ঘটনা সংঘটিত হোৱাৰ পাচত তেল চোৰৰ চক্ৰটোৱে পলায়ন কৰে। ঘটনাৰ পাচতে খবৰ পাই বঙাইগাঁও আৰু গুৱাহাটীৰ পৰা অইলৰ এদল বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ কালিৰে পৰা পাইপৰ মেৰামতিৰ কাম কৰি আছে ৷ ৰাইজে তেল চোৰ চক্ৰটোক আটক কৰি কঠোৰ শাস্তিৰ দাবী কৰিছে ।
আৰক্ষীয়ে ইতিমধ্যে তেল চোৰ চক্ৰৰ সৈতে জৰিত তিনিজনক আটক কৰি জেৰা কৰি আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ