মাজুলী, ০২জুন (হি.স.)। মাজুলীত আজিও বিপদ সীমাৰ ওপৰেদি বৈ আছে ব্ৰহ্মপুত্ৰ৷ প্লাবিত হৈছে ন ন অঞ্চল। বানত বুৰ গৈছে শালমৰা , দক্ষিণপাট , কমলাবাৰীৰ বিস্তীৰ্ন অঞ্চল৷ নৈ পৰীয়া প্ৰায়বোৰ অঞ্চল বানে বুৰাই পেলাইছে৷ ইফালে আজিও বন্ধ নিমাতী-মাজুলী ফেৰী সেৱা ৷
ব্ৰহ্মপুত্ৰত দেখা গৈছে ঘন কুৱলী আনফালে প্ৰচণ্ড ঢৌ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু