দৰং, ০২ জুন (হি.স.)। খাৰুপেটীয়াত কৃত্ৰিম বানপানীত সৰ্বস্বান্ত কৃষক। দৰং জিলাৰ বৃহত্তৰ খাৰুপেটীয়া অঞ্চলত কৃত্ৰিম বানপানীত জাহ গ'ল কৃষকৰ হাজাৰ হাজাৰ বিঘা মাকৈ খেতি। লাখ লাখ টকাৰ লোকচানৰ সন্মুখীন হ'ল খাৰুপেটীয়াৰ আৰিমাৰি ,বাইগৰমাৰী , মাগুৰমাৰী , শ্যামপুৰ , খেতাশ্বৰ আদি বিস্তৃত এলেকাৰ মাকৈ খেতিয়কসকল।
যোৱা কেইদিনমানৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ মাজতেই কিছুসংখ্যক কৃষকে মাকৈ খেতি চপাই আনিছে যদিও মাকৈ সমূহ ৰদত শুকুৱাব নোৱাৰাত গজি নষ্ট হৈ গৈছে। তথাপিও কিছু হ'লেও খেতিৰ খৰছৰ টকা পোৱাৰ আশাত এনেদৰে পানীৰ তলৰ পৰা উঠাই ট্ৰেক্টৰেৰে চপাই আনিছে কৃষকসকলে আৰু অলপ ৰ'দ দিলেই,বতৰ ভাল হ'লেই এনেদৰে ৰাজপথতে নষ্ট হ'বলৈ উপক্ৰম হোৱা মাকৈ শুকাবলগীয় হৈছে।
অতি কষ্টৰ মাজেৰে পানীৰ তলৰ পৰা উঠাই অনা মাকৈৰ উচিত মুল্য আৰু বিনষ্ট হোৱা মাকৈৰ খেতিৰ বিপৰীতে কিছু আৰ্থিক সাহায্য পাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষি মন্ত্ৰী অতুল বৰাক দাবী জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু