কামৰূপ, ০২ জুন (হি.স.)। ৰঙিয়াত কৃষি বিভাগৰ উদ্যোগত আজি অনুষ্ঠিত কৰা হয় বিকশিত কৃষি সংকল্প অভিযান ।ৰঙিয়াৰ তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থান প্ৰাঙ্গণত তদুপলক্ষে ৰূপায়ণ কৰা হয় কৃষি সজাগতা মূলক কাৰ্যসূচী ।
কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ উদ্যোগত ৰূপায়িত কাৰ্যসূচীত ফাৰ্ম মেনেজাৰ ডঃ অৰূপ শৰ্মা ,অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানী ডঃসমীৰণ পাঠককে ধৰি আন কেবাগৰাকী কৃষি বিশেষজ্ঞই অংশগ্ৰহণ কৰে । অঞ্চলটোৰ কৃষি জীৱি ৰাইজৰ উপস্থিতিত ৰূপায়িত কাৰ্যসূচীত পাণ্ডুৰী জিলা পৰিষদৰ সদস্য নিপন ভূঞা ,স্থানীয় গাও প্ৰধান ৰিতুৰাজ কলিতাইও উপস্থিত থাকে ।সজাগতামূলক কাৰ্যসূচী টোৰ জৰিয়তে কৃষিক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত ৰাইজক বিভিন্ন পৰামৰ্শ প্ৰদান কৰে কৃষি বিশেষজ্ঞ সকলে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা