মধ্যপ্ৰাচ্যত শান্তিৰ প্ৰচেষ্টাত বিপৰ্যয়: হামাছৰ প্ৰতিক্ৰিয়া ‘গ্ৰহণযোগ্য নহয়’ বুলি আখ্যা আমেৰিকাৰ দূত উইটকফৰ
ৱাশ্বিংটন/গাজা, ০১ জুন (হি.স.)। গাজা সংঘাতৰ মাজত চলি থকা যুদ্ধবিৰতি আলোচনাৰ প্ৰতি হামাছৰ প্ৰতিক্ৰিয়াক সম্পূৰ্ণ অগ্ৰাহ্য বুলি অভিহিত কৰিছে আমেৰিকাই। হামাছৰ শেহতীয়া সঁহাৰিৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ মধ্যপ্ৰাচ্যৰ বিশেষ দূত ষ্টিভ উইটক
আমেৰিকাৰ দূত উইটকফৰ টুইট


ৱাশ্বিংটন/গাজা, ০১ জুন (হি.স.)। গাজা সংঘাতৰ মাজত চলি থকা যুদ্ধবিৰতি আলোচনাৰ প্ৰতি হামাছৰ প্ৰতিক্ৰিয়াক সম্পূৰ্ণ অগ্ৰাহ্য বুলি অভিহিত কৰিছে আমেৰিকাই। হামাছৰ শেহতীয়া সঁহাৰিৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ মধ্যপ্ৰাচ্যৰ বিশেষ দূত ষ্টিভ উইটকফে কয় যে, হামাছৰ প্ৰতিক্ৰিয়াই আমাক পিছলৈ ঘূৰাই লৈ যায়। এইটো সম্পূৰ্ণ অগ্ৰাহ্যযোগ্য।

উইটকফে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয় যে, “আমি আগবাঢ়ি যাবলৈ প্ৰস্তাৱ কৰা কাঠামোটো হামাছে গ্ৰহণ কৰা উচিত, যাতে এই সপ্তাহৰ পৰাই ‘প্ৰক্সিমিটি টক’ (পৰোক্ষ আলোচনা) আৰম্ভ কৰিব পৰা যায়।”

উইটকফে লগতে কয় যে প্ৰস্তাৱিত ৬০ দিনৰ যুদ্ধবিৰতিৰ ভিতৰত আধা জীৱিত পণবন্দী আৰু মৃতকৰ মৃতদেহ ঘূৰাই অনাটো নিশ্চিত কৰিব পৰা যাব। তেওঁ কয় যে, ‘‘এইটোৱেই একমাত্ৰ উপায় যাৰ দ্বাৰা আমি অৰ্থপূৰ্ণ আৰু সদিচ্ছামূলক স্থায়ী যুদ্ধবিৰতিৰ চেষ্টা কৰিব পাৰো।’’

ইয়াৰ পূৰ্বে হামাছে এক বিবৃতিত কৈছিল যে যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই কিছু সংশোধনীৰ পৰামৰ্শ দিছে। হামাছে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ সঁহাৰি স্থায়ী যুদ্ধবিৰতি, ইজৰাইলী বাহিনী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ আৰু মানৱীয় সাহায্যৰ নিৰৱচ্ছিন্ন যোগানৰ দাবীৰ ভিতৰত আছে। এই প্ৰস্তাৱৰ অধীনত হামাছে ১০ জন জীৱিত ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ আৰু ১৮ জন মৃতদেহ গতাই দিবলৈ সাজু, যদিহে নিৰ্দিষ্ট সংখ্যক পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়া হয়।

মন কৰিবলগীয়া যে আমেৰিকা, ইজিপ্ত আৰু কাটাৰৰ নেতৃত্বত এই আলোচনাৰ লক্ষ্য হৈছে প্ৰায় ২০ মাহ ধৰি চলি থকা গাজাৰ সংঘাতৰ অন্ত পেলোৱা। কিন্তু শেহতীয়া অচলাৱস্থাই স্পষ্ট কৰি দিছে যে যুদ্ধবিৰতিৰ পথ এতিয়াও কঠিন হৈয়ে আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande