দক্ষিণ কোৰিয়াৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ
ছিউল, ০৩ জুন (হি.স.)। দক্ষিণ কোৰিয়াৰ জনসাধাৰণে আজি নিজৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব। মঙলবাৰে পুৱা ৬ বজাৰ পৰা দেশৰ ১৪,২৯৫টা ভোটকেন্দ্ৰত ৰাষ্ট্ৰপতিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়। যোৱা বছৰৰ শেষৰ ফালে সামৰিক আইন ঘোষণা কৰাৰ বাবে এপ্ৰিল মাহত সাংবিধান
यह राजधानी सियोल का मतदान केंद्र है। सुबह छह बजे वोटिंग शुरू हो गई है।


ছিউল, ০৩ জুন (হি.স.)। দক্ষিণ কোৰিয়াৰ জনসাধাৰণে আজি নিজৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব। মঙলবাৰে পুৱা ৬ বজাৰ পৰা দেশৰ ১৪,২৯৫টা ভোটকেন্দ্ৰত ৰাষ্ট্ৰপতিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়। যোৱা বছৰৰ শেষৰ ফালে সামৰিক আইন ঘোষণা কৰাৰ বাবে এপ্ৰিল মাহত সাংবিধানিক আদালতে প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক যেলক কাৰ্যভাৰৰ পৰা অপসাৰণ কৰাৰ ৬০ দিনৰ পাছত এই উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে।

দ্য কোৰিয়া টাইমছ কাকতৰ বাতৰি অনুসৰি বুধবাৰে বিজয়ী প্ৰাৰ্থীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব। নতুন ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ২০৩০ চনৰ জুন মাহলৈকে চলিব। নিশা ৮ বজাত ভোটদান শেষ হ’ব। প্ৰায় ৩০ মিনিট পিছত ২৫৪টা কেন্দ্ৰত বেলটৰ গণনা আৰম্ভ হ’ব। মাজনিশাৰ পিছত ফলাফল পোৱাৰ সম্ভাৱনা আছে। আভ্যন্তৰীণ আৰু নিৰাপত্তা মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোগ্য ভোটাৰৰ সংখ্যা প্ৰায় ৪৪.৩৯ নিযুত।

নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰাৰম্ভিক ভোটদানত কোৰিয়াৰ উদাৰবাদী ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী লি জে-মিউঙে প্ৰায় ৪৯ শতাংশ ভোট লাভ কৰিছে। কনজাৰ্ভেটিভ পিপল পাৱাৰ পাৰ্টিৰ প্ৰাৰ্থী কিম মুন-ছু তেওঁৰ ঘনিষ্ঠ প্ৰতিদ্বন্দ্বী। প্ৰায় ১৫.৪২ মিলিয়ন ভোটাৰে প্ৰাথমিক ভোটদানত অংশ লৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande