আমেৰিকাত বিষাক্ত ভেঁকুৰ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ চীনৰ বিজ্ঞানী
ৱাশ্বিংটন, ০৪ জুন (হি.স.)। আমেৰিকাত এটা বিপজ্জনক বিষাক্ত ভেঁকুৰ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে চীনৰ এগৰাকী মহিলা বিজ্ঞানী। এই ভেঁকুৰে পথাৰত শস্য নষ্ট কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত এফ বি আইৰ এজেণ্টেও এই মহিলাগৰাকীৰ পুৰুষ বন্ধুক বিচাৰিছে। তেওঁ চী
यही है वह खतरनाक जहरीला फंगस। इन पैकेटों को सीलबंद लिफाफे में संघीय अदालत को सौंपा गया है।


ৱাশ্বিংটন, ০৪ জুন (হি.স.)। আমেৰিকাত এটা বিপজ্জনক বিষাক্ত ভেঁকুৰ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে চীনৰ এগৰাকী মহিলা বিজ্ঞানী। এই ভেঁকুৰে পথাৰত শস্য নষ্ট কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত এফ বি আইৰ এজেণ্টেও এই মহিলাগৰাকীৰ পুৰুষ বন্ধুক বিচাৰিছে। তেওঁ চীনৰ নাগৰিক আৰু বিজ্ঞানীও। এফ বি আইৰ সঞ্চালক কাছ পেটেলে কয় যে ধৃত ইউংকিং জিয়ানৰ বয়স ৩৩ বছৰ।

এফ বি আইৰ সঞ্চালক কাছ পেটেলে এক বিবৃতিত কয় যে আমেৰিকাত এফ বি আইয়ে বিপজ্জনক বিষাক্ত ভেঁকুৰৰ সৈতে চীনৰ এগৰাকী মহিলা নাগৰিক ইউংকিং জিয়ানক গ্ৰেপ্তাৰ কৰিছে। জিয়ানৰ বিৰুদ্ধে 'ফিউজেৰিয়াম গ্ৰামীনিয়াম' নামৰ বিপজ্জনক ভেঁকুৰ সৰবৰাহ কৰাৰ অভিযোগ। এয়া কৃষিৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে। অভিযুক্তজন ‘সন্ত্রাসবাদী এজেণ্ট’৷ মিচিগান বিশ্ববিদ্যালয়ৰ পৰা এই গৱেষকক গ্ৰেপ্তাৰ কৰাটো চিন্তনীয় বিষয়।

তেওঁ কয় যে এই ভেঁকুৰে ‘হেড ব্লাইট’ নামৰ ৰোগ সৃষ্টি কৰে। ই ঘেঁহু, যৱ, কুঁহিয়াৰ আৰু ধানত প্ৰৱেশ কৰি মানুহ আৰু জীৱ-জন্তু উভয়ৰে স্বাস্থ্যৰ গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। এই ভেঁকুৰটোৱে প্ৰতি বছৰে বিশ্বজুৰি কোটি কোটি টকাৰ অৰ্থনৈতিক লোকচানৰ বাবে দায়ী। পেটেলে কয় যে প্ৰমাণেও ইংগিত দিয়ে যে জিয়ানে চীনৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছিল। এই ভেঁকুৰৰ বাবে তেওঁ চীন চৰকাৰৰ পৰা ধন লাভ কৰিছিল।

তেওঁ কয় যে জিয়ানৰ পুৰুষ বন্ধু জুনয়ং লিউৰ বিৰুদ্ধেও একে অভিযোগ। তেওঁ চীনৰ এখন বিশ্ববিদ্যালয়ত কাম কৰে। লিউৱে প্ৰথমে মিছা কথা কোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছত স্বীকাৰ কৰিছিল যে তেওঁ ফুচেৰিয়াম গ্ৰেমিনেৰামকো আমেৰিকালৈ সৰবৰাহ কৰিছিল যাতে তেওঁ মিচিগান বিশ্ববিদ্যালয়ত গৱেষণা কৰিব পাৰে। এফ বি আইৰ সঞ্চালক পেটেলে কয় যে ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে চীনে আমেৰিকাৰ প্ৰতিষ্ঠানসমূহত অনুপ্ৰৱেশ কৰি দেশখনৰ খাদ্য যোগানক লক্ষ্য কৰি লোৱাৰ কাম কৰি আছে। ই আমেৰিকাৰ জীৱন আৰু অৰ্থনীতিত আঘাত দিব বিচাৰে।

এনবিচি নিউজৰ মতে, মিচিগানৰ পূব জিলাৰ আমেৰিকাৰ এটৰ্নী কাৰ্যালয়ে এক বিবৃতিত কয় যে ইউনকিং জিয়ান আৰু জুনয়ং লিউৰ বিৰুদ্ধে ষড়যন্ত্ৰ, চোৰাংচোৱাগিৰি, ভুৱা বক্তব্য আৰু ভিছা জালিয়াতিৰ গুৰুতৰ অভিযোগ আছে। জিয়ানক গ্ৰেপ্তাৰ কৰাৰ পিছত লিউৰ অৱস্থান বিচাৰি ফুৰিছে। মঙলবাৰে ফেডাৰেল অভিযোগনামাত ছীল কৰা হয়। গ্ৰেপ্তাৰ হোৱা ইউনকিং জিয়ান মিচিগান বিশ্ববিদ্যালয়ৰ পোষ্ট ডক্টৰেট ফেলো। ২০২২ চনৰ পৰা লিউ আৰু জিয়ানৰ মাজত ৱেচাট মেছেজক অতি বিপজ্জনক বুলি এফ বি আইৰ এজেণ্টে বিবেচনা কৰিছে। এইবোৰত আমেৰিকালৈ চোৰাং বীজ সৰবৰাহ সম্পৰ্কে চৰ্চা কৰা হৈছিল।

মঙলবাৰৰ শুনানিৰ সময়ত ফেডাৰেল আদালতে জিয়ানক কাৰাগাৰৰ আঁৰত থাকিবলৈ নিৰ্দেশ দিয়ে। সমগ্ৰ খণ্ডটোৰ তদন্ত কৰিছে এফ বি আইৰ কাউণ্টাৰ ইনটেলিজেন্স বিভাগে। আমেৰিকাৰ এটৰ্নী জেৰম গৰ্গানে কয় যে চীনৰ কমিউনিষ্ট পাৰ্টিৰ এজন নিষ্ঠাবান সদস্যকে ধৰি এই দুজন চীনা নাগৰিকৰ কথিত কাৰ্যই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গুৰুতৰ চিন্তাৰ বিষয়। এই সন্দৰ্ভত মিচিগান বিশ্ববিদ্যালয়ে চীনৰ গৱেষকগৰাকীৰ এই কাৰ্যক গৰিহণা দিছে। বিশ্ববিদ্যালয়খনে তদন্তত সদায় সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande