উত্তৰ কোৰিয়াত উপস্থিত ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিব চাৰ্গেই শ্বোইগু
পিয়ংইয়াং, ০৪ জুন (হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিব চাৰ্গেই শ্বোইগু উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়াঙত উপস্থিত হৈছে। উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনক সাক্ষাৎ কৰাৰ কথা। তিনিমাহ নৌহওঁতেই এয়া ত
ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিব চাৰ্গেই শ্বোইগু


পিয়ংইয়াং, ০৪ জুন (হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিব চাৰ্গেই শ্বোইগু উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়াঙত উপস্থিত হৈছে। উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনক সাক্ষাৎ কৰাৰ কথা। তিনিমাহ নৌহওঁতেই এয়া তেওঁৰ দ্বিতীয়টো পিয়ংইয়াং ভ্ৰমণ ।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছৰ খবৰ অনুসৰি দুয়োগৰাকী নেতাই ৰাছিয়া-ডিপিআৰকে চুক্তিৰ কিছুমান বিধান কাৰ্যকৰী কৰাৰ লগতে কুৰ্স্ক অঞ্চলক মুক্ত কৰাত সহায় কৰা কোৰিয়ান যোদ্ধাসকলৰ স্মৃতি স্থায়ী কৰি ৰখাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও দুয়োপক্ষই ইউক্ৰেইনৰ আশে-পাশে থকা পৰিস্থিতিকে ধৰি আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে।

শ্বোইগুৰ শেষবাৰৰ বাবে উত্তৰ কোৰিয়া ভ্ৰমণ আছিল ২১ মাৰ্চত। সেই সময়ত তেওঁক কিম জং উনে আদৰণি জনাইছিল আৰু তেওঁলোকৰ কথা-বতৰা প্ৰায় দুঘণ্টা ধৰি চলিছিল। শ্বোইগুৱে কয় যে তেওঁ উত্তৰ কোৰিয়াৰ নেতাগৰাকীক পুটিনৰ বাৰ্তা প্ৰেৰণ কৰিছিল। ইউক্ৰেইন আৰু ৰাছিয়া-আমেৰিকাৰ আলোচনা আৰম্ভ হোৱাৰ বিষয়ে আলোচনা কৰে। উত্তৰ কোৰিয়াৰ ৰাজ্যিক নিৰাপত্তা মন্ত্ৰী ৰি চাং দেকো সাক্ষাৎ কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande